নেমেৰ্টেছ (প্ৰাচীন গ্ৰীক: Νημερτής, ইংৰাজী: Nemertes; আক্ষৰিক অৰ্থ: 'অবিচলিত′, ′সত্যবাদী' বা 'দাতা')১ গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷১ তেওঁৰ ভগ্নী এপ্চেউডেছৰ দৰেই তেওঁলোকৰ পিতৃৰ সঁচা কথা কোৱা দেৱতাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছিল।২ নিমেৰ্টিছ আন এগৰাকী নেৰেইড নিওমেৰিছ একেগৰাকীয়েই বুলি অনুমান কৰা হয়।৩
কিংবদন্তি
নেমেৰ্টেছ গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।৪৫১ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত নেমেৰ্টেছো আছিল।৬
তথ্যসূত্ৰ
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
- ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 66
- ↑ Apollodorus, 1.2.7
- ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
- ↑ Homer, Iliad 18.39
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেমেৰ্টেছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩২৩১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।