নাগিনা মছজিদ, যাক ৰত্ন মছজিদ আৰু জুৱেল মছজিদ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰাত অৱস্থিত আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত। ১৬২৮ খ্ৰীষ্টাব্দত জাহাংগীৰৰ উত্তৰাধিকাৰী মোগল নেতা শ্বাহজাহানে এই মছজিদটো নিৰ্মাণ কৰিছিল আৰু দুৰ্গ কমপ্লেক্সৰ ভিতৰত তিনিটা মাৰ্বলৰ মছজিদ নিৰ্মাণ কৰিছিল- মোতি মছজিদ, নাগিনা মছজিদ আৰু মিনা মছজিদ।১
১৬৩১-১৬৪০ খ্ৰীষ্টাব্দৰ ভিতৰত নাগিনা মছজিদ শ্বাহজাহানৰ ব্যক্তিগত ব্যৱহাৰ আৰু ৰাজপৰিয়ালৰ মহিলাসকলৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল।
১৬৪৮ চনত শ্বাহজাহানে ৰাজধানী শ্বাহজাহানাবাদ (পুৰণি দিল্লী)লৈ স্থানান্তৰিত কৰাৰ লগতে আগ্ৰা দুৰ্গ ক্ষমতাৰ প্ৰাথমিক আসন হোৱা বন্ধ কৰি দিয়াৰ বাবে ই আগ্ৰা দুৰ্গত নিৰ্মাণ কৰা শেষ গঠনসমূহৰ ভিতৰত অন্যতম।২
ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰা পৰিচালিত এই মছজিদটো ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্মৃতিসৌধ।৩
তথ্যসূত্ৰ
- ↑ Alluring Agra
- ↑ Shah Jahan 1628–1658
- ↑ List of Ancient Monuments and Archaeological Sites and Remains of Agra. Archaeological Survey of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগিনা মছজিদ” প্ৰবন্ধৰ সংশোধন ৫৬৩০১৪ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।