ডাইনেমিন (/dɪˈnæmɪniː, daɪ-/; প্ৰাচীন গ্ৰীক: Δυναμένη, ইংৰাজী: Dynamene; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা')১ গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷১ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল। তেওঁৰ নামটো এটা বিভক্তি, যাৰ অৰ্থ হৈছে "যি পাৰে, সক্ষম গৰাকী।"২ তেওঁ তেওঁৰ ভগ্নী ফেৰুছাৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। ডাইনেমিনৰ দ্ৰুতভাৱে আবিৰ্ভাৱ আৰু অদৃশ্য হোৱাৰ ক্ষমতা আছিল। তেওঁৰ নামৰ কিছুমান ভিন্নতা হৈছে ডায়মেন (Dyomene)৩ আৰু ডাইনামেন (Dinamene)৷৪
কিংবদন্তি
ডাইনেমিন গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।৫৬১ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত ডাইনেমিনো আছিল।৭
তথ্যসূত্ৰ
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
- ↑ Hesiod. Theogony ll. 240-264. Retrieved 4 October 2020
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus)
- ↑ Hyginus, Fabulae Preface (Latin ed. Scheffero)
- ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
- ↑ Homer, Iliad 18.39
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাইনেমিন” প্ৰবন্ধৰ সংশোধন ৪৯৬১৬৪ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।