ফেৰুছা (প্ৰাচীন গ্ৰীক: Φέρουσά, ইংৰাজী: Pherusa বা Pherousa; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা')১ গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷১ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।২ তেওঁ তেওঁৰ ভগ্নী ডাইনেমিনৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। হাইজিনাছৰ মতে এগৰাকী ঋতুৰ দেৱী হোৰাইৰ নামো ফেৰুছা।
কিংবদন্তি
ফেৰুছা গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।৩৪১ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত ফেৰুছাও আছিল।৫
তথ্যসূত্ৰ
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
- ↑ Hesiod. Theogony ll. 240-264. Retrieved 4 October 2020
- ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
- ↑ Homer, Iliad 18.39
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰুছা” প্ৰবন্ধৰ সংশোধন ৪৯৬১৭৫ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।