অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱসেনা

দেৱসেনা (देवसेना) এগৰাকী হিন্দু দেৱী৷ তেওঁ কাৰ্তিকৰ সহধৰ্মিনী আছিল। দক্ষিণ-ভাৰতীয় গ্ৰন্থবোৰত তেওঁক দেবানী, দিবানী বা দিব্যানী বুলি জনা যায়। তেওঁৰ নামটোক তেবানী বা তেব্যানী (Teyvāṉai) বুলিও বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দেৱসেনা (देवसेना) এগৰাকী হিন্দু দেৱী৷ তেওঁ কাৰ্তিকৰ সহধৰ্মিনী আছিল। দক্ষিণ-ভাৰতীয় গ্ৰন্থবোৰত তেওঁক দেবানী, দিবানী বা দিব্যানী বুলি জনা যায়। তেওঁৰ নামটোক তেবানী বা তেব্যানী (Teyvāṉai) বুলিও বৰ্ণনা কৰা হৈছে।

ব্যুৎপত্তি

সংস্কৃতত দেৱসেনা দেৱীৰ নামৰ অৰ্থ হৈছে- “দেৱতাৰ সেনা” আৰু সেয়েহে তেওঁৰ স্বামীক দেৱসেনাপতি (অৰ্থ “দেৱসেনাৰ পতি বা অধিপতি”) বুলি জনা যায়।১ দেৱসেনাপতি শব্দটোৱে দেৱতাসকলৰ সেনাধ্যক্ষ বা সেনাপতিৰ অৰ্থও প্ৰকাশ কৰে।

তেওঁক দিবানী বা দিব্যানী (Deivanai or Deivayanai; তামিল ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ হৈছে- “ঐশ্বৰিক হাতী”)২ বুলি কোৱা হয়; যিহেতু তেওঁক ইন্দ্ৰৰ ঐশ্বৰিক হাতী ঐৰাৱতে ডাঙৰ-দীঘল কৰিছিল।৩

কিংবদন্তি

উত্তৰ ভাৰতত, কাৰ্তিকক সাধাৰণতে এগৰাকী ব্ৰহ্মচাৰী বা অবিবাহিত বুলি গণ্য কৰা হয়।৩ সংস্কৃত শাস্ত্ৰসমূহে দেৱসেনাক কাৰ্তিকৰ একমাত্ৰ সহধৰ্মিনী আছিল বুলি গণ্য কৰে৷ যদিও দক্ষিণ ভাৰতত, তেওঁৰ দুগৰাকী সহধৰ্মিনী আছিল বুলি উল্লেখ কৰা হয়৷ সেই দুগৰাকী ক্ৰমে- দিব্যানী (দেৱসেনা) আৰু বল্লী।৩ দেৱসেনাক দেৱৰাজ ইন্দ্ৰ আৰু তেওঁৰ পত্নী শচীৰ কন্যা৩ বা অন্ততঃ তেওঁৰ পালিতা কন্যা বুলি বৰ্ণনা কৰা হয়।

মহাভাৰতৰ তৃতীয় পৰ্বত কাৰ্তিকৰ জন্মৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ য’ত দেৱসেনাৰ কথাও উল্লেখ কৰা হৈছে। দেৱসেনা আৰু দৈত্যসেনা (আক্ষৰিক অৰ্থত “ৰাক্ষসৰ সেনা”) প্ৰজাপতি দক্ষৰ কন্যা আছিল। এবাৰ, ভগ্নীসকলে মানস সৰবৰ পাৰত বিহাৰ কৰি থকাৰ সময়ত, অসুৰ (ৰাক্ষস) কেশীয়ে যাতে তেওঁলোকক বিয়া কৰাব পাৰে তাৰবাবে অপহৰণ কৰে৷ অসুৰৰ কথাত দৈত্যসেনা সন্মত হয়, যদিও দেৱসেনাই অস্বীকাৰ কৰে; যাৰ বাবে তেওঁক বন্দী কৰি ৰাখে। সেইসময়ত দেৱতাসকলে ৰাক্ষসসকলৰ সৈতে যুদ্ধ কৰি পৰাজিত হয়। ইন্দ্ৰই এগৰাকী আদৰ্শৱান দেৱসেনাপতি (দেৱতাৰ সৈন্যবাহিনীৰ সেনাপতি) বিচাৰি দেৱসেনাক বন্দী কৰি ৰখা ঠাইত উপস্থিত হয়গৈ। দেৱসেনাৰ অনুৰোধত ইন্দ্ৰই অসুৰটোক পৰাজিত কৰে আৰু তেওঁক তাৰ পৰা উদ্ধাৰ কৰে। ইন্দ্ৰক দেৱসেনাই যিয়ে তেওঁক সুৰক্ষা দিয়াৰ লগতে দেৱতা, ৰাক্ষস আৰু যক্ষসকলক পৰাজিত কৰিব পাৰিব তেনেকুৱা এগৰাকী স্বামী (পতি) বিচাৰিবলৈ কয়। ইন্দ্ৰই এই বিষয়টোক লৈ পৰমপিতা ব্ৰহ্মা দেৱৰ ওপৰলৈ গৈ আলোচনা কৰে আৰু তেওঁলোকে সন্মত হয় যে অগ্নিৰ পৰা জন্ম হোৱা পুত্ৰ দেৱসেনাপতি, দেৱসেনাৰ স্বামী আৰু দেৱতাৰ সেনাপতি হোৱাৰ বাবে উপযুক্ত হ’ব। সেই অনুসৰি, অগ্নিৰ পৰা কাৰ্তিকৰ জন্ম হয়। দেৱতাসকলৰ ওপৰত তেওঁৰ আধিপত্য যোগ্যতাৰ প্ৰমাণ স্বৰূপে বহুতো কাৰ্য্যকলাপ কৰাৰ পিছত, কাৰ্তিকক দেৱতাৰ সৈন্যবাহিনীৰ সেনাপতি পতা হয় আৰু ইন্দ্ৰৰ সহযোগত দেৱসেনাৰ কাৰ্তিকৰ সৈতে বিবাহ সম্পন্ন হয়। পাঠ্যত অগ্নিক শিৱৰ সৈতে চিনাক্ত কৰা হয়, যাক কাৰ্তিকৰ পিতৃ বুলি গণ্য কৰা হয়। অৱশেষত, দেৱতাসকলে দেৱসেনা আৰু কাৰ্তিকৰ সহায়ত ৰাক্ষসসকলক পৰাজিত কৰে৷৪৫৬ এই বৰ্ণনাত দেৱসেনাক ষষ্ঠী (Shashthi), শ্ৰী-লক্ষ্মী, কুহু-চিনিবালী (Kuhu-Sinivali) আদিৰ দৰে আন বহুতো দেৱীৰ সৈতে চিনাক্ত কৰা হয়৷৭

তথ্যসূত্ৰ

  • Fred W. Clothey. (1978). The Many Faces of Murukan̲: The History and Meaning of a South Indian God. Walter de Gruyter. ISBN 978-90-279-7632-1
  • Don Handelman. (2013). One God, Two Goddesses, Three Studies of South Indian Cosmology. BRILL. ISBN 978-90-04-25739-9
  • Bhanu, Sharada. (1997). Myths and Legends from India - Great Women. Macmillan India Limited. ISBN 0-333-93076-2

তথ্যসূত্ৰ

  1. ↑ Clothey p. 214
  2. ↑ Clothey p. 79
  3. ↑ Roshen Dalal. (2010). The Religions of India: A Concise Guide to Nine Major Faiths. Penguin Books India. পৃ. 190, 251. ISBN 978-0-14-341517-6
  4. ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 213. ISBN 0-8426-0822-2
  5. ↑ Clothey pp. 51–53
  6. ↑ (1993). Asian Mythologies. University of Chicago Press. পৃ. 93–6. ISBN 978-0-226-06456-7
  7. ↑ Johannes Adrianus Bernardus Buitenen; J. A. B. van Buitenen. (1981). The Mahabharata, Volume 2: Book 2: The Book of Assembly; Book 3: The Book of the Forest. University of Chicago Press. পৃ. 656. ISBN 978-0-226-84664-4

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱসেনা” প্ৰবন্ধৰ সংশোধন ৬৩২৮৩৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।