অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দিশানী

দিশানী (ইংৰাজী: Disani) ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানী জনগোষ্ঠীয়ে উপাসনা কৰা এগৰাকী দেৱী। নুৰিস্তানৰ জনসাধাৰণৰ বাবে তেওঁক স্থলজ জগতত বাস কৰা, সোণৰ মালা পৰিধান কৰা নাৰীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। পাহাৰৰ ঢালত থকা বেদীত তেওঁলৈ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী আগবঢ়োৱা হৈছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দিশানী (ইংৰাজী: Disani) ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানী জনগোষ্ঠীয়ে উপাসনা কৰা এগৰাকী দেৱী। নুৰিস্তানৰ জনসাধাৰণৰ বাবে তেওঁক স্থলজ জগতত বাস কৰা, সোণৰ মালা পৰিধান কৰা নাৰীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। পাহাৰৰ ঢালত থকা বেদীত তেওঁলৈ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী আগবঢ়োৱা হৈছিল।১

ব্যুৎপত্তি

দিশানীৰ ব্যুৎপত্তি কিছু অস্পষ্ট। ইয়াক কাটে ভাষাৰ পৰা প্ৰছুনীলৈ ধাৰ কৰি অনা হৈছিল, কিয়নো *d নিয়মিতভাৱে প্ৰছুনীত l হৈ পৰে। আশকুন ভাষাত däsäṇī শব্দৰ অৰ্থ হৈছে "ৰাক্ষসী"। জৰ্জ মৰ্গেনষ্টিয়াৰ্নৰ দৰে কিছু দাৰ্শনিকে তত্ত্ব আগবঢ়াইছে যে এই শব্দটো বৈদিক সংস্কৃত শব্দ ধিষণাৰ সৈতে সম্পৰ্কিত, এটা পূৰ্বৰূপ *ধিষাণিকাৰ জৰিয়তে। ইয়াক নুৰিস্তানী ভাষীসকলে দি "আকাশ" + শানী "সৈনিক" লগ লাগি *দেৱসেনিকা অৰ্থ প্ৰকাশ কৰে বুলিও ব্যাখ্যা আগবঢ়ায়, যদিও মৰ্গেনষ্টিয়াৰ্ন আৰু ষ্ট্ৰেণ্ডে ইয়াক লোক ব্যুৎপত্তি হিচাপে গণ্য কৰে, কিন্তু হাফমেনে এই ব্যুৎপত্তি গ্ৰহণ কৰিছে।২

ধৰ্মত ভূমিকা

কাতি আৰু প্ৰসুন জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা ধৰ্মত দিশানীক গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন নুৰিস্তানী দেৱতাই (দিশানীকে ধৰি) স্বৰ্গৰ ওচৰৰ এটা ঘৰলৈ সমদল যাত্ৰা কৰিছিল, য’ত দানৱসকল বাস কৰে। দেৱতাসকলে ঘৰটো কাঁড়েৰে ধ্বংশ কৰি পেলাবলৈ বিফল চেষ্টা কৰাৰ পিছত তেওঁক তাত বীজ সিঁচিবলৈ দেৱতা সকলে কৈছিল। বীজবোৰ সোনকালে পকি উঠে আৰু বগা ৰঙেৰ খেৰবোৰ সূতাৰ লগত লাগি ধৰে। পিছত তেওঁ মণিক তেওঁৰ বগা আৰু মাংসৰে ভৰা উৰু দুটা চাবলৈ কয়৷ মনি উত্তেজিত হৈ দুৱাৰ ভাঙি দানৱবোৰক হত্যা কৰে।

এই কাহিনীটোৱে বৈদিক দৈত্য বালা আৰু জাপানী আমানো-ইৱাটোৰ সাদৃশ্যৰ কথা উদ্ভাসিত কৰে, ইয়াৰ পৰাই সাধাৰণ প্ৰাক-ইণ্ডো-ইৰাণী উৎপত্তিৰ কথা অনুমান কৰিব পাৰি। দিশানীৰ বৈশিষ্ট্যৰ সৈতে বৈদিক ঊষা আৰু জাপানী দেৱী আমে-ন′-উজুমেৰ সাদৃশ্যতাও পৰিলক্ষিত হয়।৩

তথ্যসূত্ৰ

  1. ↑ Morgenstierne, Georg. Some Kati Myths and Hymns. Acta Orientalia 22. 1953. p. 161-189
  2. ↑ Halfmann, Jakob. "Nuristani Theonyms in Light of Historical Phonology". In: 6th Indo-European Research Colloquium, 2022. [DOI: dx.doi.org/10.13140/RG.2.2.31805.54244]; www.researchgate.net/publication/380269159_Nuris
  3. ↑ Witzel, Michael. (2005). Vala and Iwato: The Myth of the Hidden Sun in India, Japan, and beyond

সম্পৰ্কিত শ্ৰেণী

দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিশানী” প্ৰবন্ধৰ সংশোধন ৫০০৮০০ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।