অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দ্যৌষ্পিতৃ

দ্যৌষ, বা দ্যৌষ্পিতৃ ঋগবেদত উল্লিখিত আকাশৰ দেৱতা। তেওঁৰ পত্নী পৃথিৱী। দুয়োৱে মূল-ৰূপ পিতৃ-মাতৃ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দ্যৌষ, বা দ্যৌষ্পিতৃ ঋগবেদত উল্লিখিত আকাশৰ দেৱতা। তেওঁৰ পত্নী পৃথিৱী। দুয়োৱে মূল-ৰূপ পিতৃ-মাতৃ।

নাম

সংস্কৃত "দ্যৌষ" শব্দ আদ্য-ভাৰতীয়-ইৰানীয় *dyā́wš শব্দৰ পৰা অহা, যি আদ্য-ভাৰতীয়-ইউৰোপীয় Dyḗusৰ পৰা আহিছে, যি এগৰাকী দিনৰ পোহৰৰ- আকাশ দেৱতা। এই শব্দৰ পৰাই গ্ৰীক ভাষা জিউচ-পেটাৰ আৰু লেটিন জুপিটাৰো আহিছে। আদ্য-ভাৰতীয়-ইউৰোপীয়ত Dyḗus ph₂tḗr।১

পিতৃ শব্দৰ অবিহনে কেৱল "দ্যৌষ" শব্দৰ ব্যৱহাৰ ঋগবেদত দিনৰ আকাশ বুজাবলৈ কৰা হৈছিল।২

ভূমিকা

দ্যৌষ্পিতৃৰ উল্লেখ সাধাৰণতে বেদত পৃথিৱী মাতাৰ সৈতে কৰা হৈছিল, অনেক স্তোত্ৰত।।৩

ঋগ বেদত দ্যৌষ্পিতৃৰ উল্লেখ শ্লোক ১-৮৯-৪, ১-৯০-৭, ১-১৬৪-৩৩, ১-১৯১-৬, ৪-১-১০ আৰু ৪-১৭-৪ত কৰা হৈছে।৪ তেওঁক আন দিব্য নামেৰেও সম্বোধিত কৰা হৈছে: দ্যৱপৃথ্বী এটি দ্বন্দ্ব যৌগ, যি 'স্বৰ্গ' আৰু ' প্ৰিথিৱী'ৰ সংমিশ্ৰণ।

দ্যৌষ্পিতৃক পিতৃ হিচাপে সাধাৰণতে উল্লেখ কৰা হৈছে।৫ তেওঁৰ জীয়ৰি, ঊষস্‌, পুৱতিনিশাৰ দেৱী।৬ দেৱসকল, বিশেষকৈ সূৰ্যক দ্যৌষ্পিতৃ আৰু পৃথিৱীৰ সন্তান বুলি উল্লেখ কৰা হৈছে।৭ দ্যৌষৰ আন পুত্ৰ হ'ল অগ্নি, পৰ্জন্য, আদিত্যসকল, মাৰুতসকল আৰু অগ্নিৰসসকল।৫৭ অশ্বিনদ্বয়ক "দিৱো নপাত" বা "দিব্য নাতি" বোলা হৈছে।৫৮ দ্যৌষক সাধাৰণতে জন্তুৰ ৰূপত কল্পনা কৰা হয়, বিশেষকৈ ধৰা উৰ্বৰা কৰা বলধৰ ৰূপত।৫ দ্যৌষে নিজৰেই পুত্ৰীক বলাৎকাৰ কৰাৰ এটি অস্পষ্ট উল্লেখ ঋগ বেদত পোৱা যায়।৭

ইন্দ্ৰ দ্য়ৌষ আৰু পৃথিৱীৰ পৰা আঁতৰ হোৱা কাহিনীক ঋগবেদত সৃষ্টিকাৰ্ক্ষৰ এটি মহত্বপূৰ্ণ ঘটনা হিচাপে উল্লেখ কৰা হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ West 2007
  2. ↑ Ṛg·veda, 5.60.6
  3. ↑ Leeming; Fee, Christopher. (2016). The Goddess: Myths of the Great Mother. Reaktion Books. ISBN 978-1-78023-538-7
  4. ↑ Sanskrit: Ṛg·veda, Wikisource; translation: Ralph T. H. Griffith Rigveda, Wikisource
  5. ↑ Macdonell. (1897). Vedic Mythology. Oxford University Press. পৃ. 21-22
  6. ↑ Roshen Dalal. (2014). Hinduism: An Alphabetical Guide. Penguin Books. ISBN 9788184752779 Entry: "Dyaus"
  7. ↑ Jamison. (2014). The Rigveda –– The Earliest Religious Poetry of India. Oxford University Press. পৃ. 50–51
  8. ↑ West. (2007). Indo-European Poetry and Myth. Oxford University Press. পৃ. 187

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্যৌষ্পিতৃ” প্ৰবন্ধৰ সংশোধন ৬৩২০৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।