অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱনাগৰী ক

ক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓, যি গুপ্ত লিপিৰ আখৰ হিচাপে অলপ সলনি হৈ দেৱনাগৰী কৰ ৰূপ ল'লে। ইয়াৰপৰা উদ্ভৱ হোৱা আখৰ গুজৰাটী (ક) আৰু মোদী ক।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৫ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী লিপি ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓, যি গুপ্ত লিপিৰ আখৰ হিচাপে অলপ সলনি হৈ দেৱনাগৰী কৰ ৰূপ ল'লে। ইয়াৰপৰা উদ্ভৱ হোৱা আখৰ গুজৰাটী (ક) আৰু মোদী ক।

ব্যৱহাৰ

দেৱনাগৰী কক [kə] আৰু কোনো কোনো ক্ষেত্ৰত [k] উচ্চাৰণ কৰা হয়। তলৰ উদাহৰণত कৰ অন্তৰ্নিহিত স্বৰধ্বনিও উচ্চাৰণ কৰা হয়।

  • नकली = নাকালি "নকল"

তলৰ উদাহৰণত, कৰ অন্তৰ্নিহিত স্বৰধ্বনি উচ্চাৰণ কৰা নহয়।

  • बकवास = বক্বাচ "অৰ্থহীন"
कৰ সৈতে স্বৰচিহ্ন
कৰ সৈতে স্বৰচিহ্নছবি: Saurmandal · CC BY-SA 4.0

পাৰ্চী আৰু আৰবী ভাষাৰ পৰা লোৱা কোনো কোনো শব্দত প্ৰকৃত উচ্চাৰণৰ অধিক কাষ চাপিবলৈ দেৱনাগৰী কৰ লগত নুক্তা প্ৰয়োগ কৰা হয়।

  • क़दम = কদম "খোজ"

कৰ যুক্তাক্ষৰ

  • क + त(t̪) এ অস্বাভাৱিক ৰূপৰ kt̪ প্ৰদান কৰে
Deva-kta.png
ছবি: Opiaterein · Public domain
  • क + ष(ʂ) এ অস্বাভাৱিক ৰূপৰ kʂ প্ৰদান কৰে
Deva-kṣa.png
ছবি: Opiaterein · Public domain
  • ङ(ŋ) + क এ ŋk দিয়ে য'ত ङ कৰ ওপৰত থাকে
Лигатура нгк.png
ছবি: ВМНС · CC BY-SA 3.0
  • क + ख(kʰ) এ kkʰ দিয়ে য'ত দেৱনাগৰী ক দেৱনাগৰী খৰ ওপৰত থাকে
  • क + ल(l̪) এ kl̪ দিয়ে য'ত क लৰ ওপৰত থাকে
  • क + व(ʋ) এ kʋ দিয়ে য'ত क वৰ ওপৰত থাকে
  • क + न(n̪) এ kn̪ দিয়ে য'ত न বিপৰীত দিশে কৰি कৰ হুকৰ তলত দিয়া হয়.

গণিতত

আৰ্যভট্টৰ ব্যৱহাৰ

ভাৰতীয় সংখ্যা প্ৰণালীৰ সৃষ্টিৰ পাছতো আৰ্যভট্টে দেৱনাগৰী আখৰসমূহক প্ৰায় গ্ৰীকসকলৰ দৰে সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰিছিল। कৰ ভিন্ন ৰূপৰ মূল্যসমূহ তলত দিয়া হ'ল--

  • क [kə] = 1 (१)
  • कि [ki] = 100 (१००)
  • कु [ku] = 10,000 (१० ०००)
  • कृ [kṛ] = 1,000,000 (१० ०० ०००)
  • कॢ [kḷ] = 10×108 (१०८)
  • के [keː] = 10×1010 (१०१०)
  • कै [kəi] = 10×1012 (१०१२)
  • को [koː] = 10×1014 (१०१४)
  • कौ [kəu] = 10×1016 (१०१६)

তবলাত

क (ক), कि (কি), क (কে) তবলাৰ বাঁও হাতেৰে বজোৱা এটি বোল।

তথ্য সংগ্ৰহ

  • Kurt Elfering: Die Mathematik des Aryabhata I. Text, Übersetzung aus dem Sanskrit und Kommentar. Wilhelm Fink Verlag, München, 1975, ISBN 3-7705-1326-6
  • Georges Ifrah: The Universal History of Numbers. From Prehistory to the Invention of the Computer. John Wiley & Sons, New York, 2000, ISBN 0-471-39340-1.
  • B. L. van der Waerden: Erwachende Wissenschaft. Ägyptische, babylonische und griechische Mathematik. Birkhäuser-Verlag, Basel Stuttgart, 1966, ISBN 3-7643-0399-9
  • Fleet, J. F. (January 1911). Aryabhata's System of Expressing Numbers. Journal of the Royal Asiatic Society of Great Britain and Ireland. পৃ. 109–126
  • Fleet, J. F. (1911). Aryabhata's System of Expressing Numbers. The Journal of the Royal Asiatic Society of Great Britain and Ireland. Royal Asiatic Society of Great Britain and Ireland. পৃ. 109–126

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱনাগৰী ক” প্ৰবন্ধৰ সংশোধন ৪৬৭১৭৯ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।