অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নংশ্বাবা

নংশ্বাবা (Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ। তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নংশ্বাবা (Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ।১২৩ তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।৪ তেওঁক অনাদিকালৰ পৰা কংলেইপাকত (বৰ্তমানৰ মণিপুৰ) উমাং লাই বা পৱিত্ৰ বনাঞ্চলৰ সৈতে সম্পৰ্কিত দেৱতাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে উপাসনা কৰা হয়। নংশ্বাবাৰ এযোৰ বিশাল মূৰ্তি এতিয়াও মণিপুৰৰ কংলা প্ৰাসাদৰ ভিতৰত আছে।৩৫৬ নংশ্বাবা দেৱতাক মণ্টক গাওঁবাসীয়ে বিশেষকৈ গ্ৰীষ্মকালত দীৰ্ঘ জীৱনৰ আশিস বিচাৰি পূজা-উপাসনা কৰে।৭

নংশ্বাবাক মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিহাস

নংশ্বাবাক দুজন মানুহে মইৰাঙৰ পৰা নিংথৌজা ৰাজবংশৰ ৰাজ্যলৈ আনিছিল। ৰজা খাগেম্বাই তেওঁৰ প্ৰতি উৎসৰ্গিত মন্দিৰ এটা নিৰ্মাণ কৰি পূজা কৰিছিল।৮ তেওঁৰ ৰাজত্বকালতেই ৰাজকীয় পৃষ্ঠপোষকতাত নংশ্বাবাৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছিল।৯

পৌৰাণিক কাহিনী

মণিপুৰী পৌৰাণিক কাহিনীত তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা আটিংকোক মাৰু চিদাবাৰ তিনিজন পুত্ৰৰ ভিতৰত এজন। তেওঁ লাইনিংথৌ সনামাহী আৰু পাখংবৰ ভাতৃ।

নংশ্বাবা লাইহুই পুয়া বিশ্বব্ৰহ্মাণ্ডৰ গৰাকীৰ দ্বিতীয় পুত্ৰ নংশ্বাবা বা কংলাশ্বাৰ বিষয়ে লিখা এখন মেইতেই মণিপুৰী শাস্ত্ৰ। তেওঁক "থলবু চিংলেন নংদাই নিংথৌ" বুলিও জনা যায়। তেওঁক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিত অৱদান আগবঢ়োৱা বা এক মহান ভূমিকা লোৱা বুলি কোৱা নহয়। এই বিশাল কামটো সম্পাদন কৰোঁতে তেওঁৰ ডাঙৰ ভায়েক আচিবাক সহায় কৰা বুলিও কোৱা নহয়।

তেওঁৰ দুয়োগৰাকী ভাতৃৰ দৰে তেওঁ মেইতেই মণিপুৰী পাৰম্পৰিক লোকধৰ্মত ওখ স্থান দখল নকৰে। অৱশ্যে পিছলৈ ক্ৰমান্বয়ে মণিপুৰী ৰজাসকলে ৰাজকীয় চৌহদত তেওঁৰ নামত মন্দিৰ উৎসৰ্গা কৰিছিল। তেওঁৰ সৰু ভায়েক পাখাংবৰ দৰে নংচাবাৰ কোনো মানৱ বংশধৰ নাই। পাখংব লাইহুই আৰু সনামাহী লাইহুই নামৰ মণিপুৰী শাস্ত্ৰৰ বৰ্ণনা অনুসৰি নংশ্বাবা তেওঁৰ ডাঙৰ ভায়েক সনামাহীৰ দৰে মানৱ ৰূপত প্ৰকাশ নকৰে।

ভাস্কৰ্য

মণিপুৰৰ কংলা প্ৰাসাদত কংলাশ্বা বা নংশ্বাবাৰ কিছুমান গুৰুত্বপূৰ্ণ ভাস্কৰ্য পোৱা গৈছিল। দুৰ্ভাগ্যবশতঃ ১৮৯১ চনৰ ২০ জুন তাৰিখে কংলা প্ৰাসাদক নিজৰ অধীনলৈ অনা সময়ত ব্ৰিটিছ বিষয়াসকলে ভাস্কৰ্যসমূহ ধ্বংস কৰিছিল।১০ ১৯৪৭ চনত ভাৰতে স্বাধীনতা অৰ্জন কৰাৰ পিছত নংশ্বাবাৰ গাঁথনিসমূহ ইটা আৰু কংক্ৰিটৰে পুনৰ নিৰ্মাণ কৰা হয়।১০৫১১

নংশ্বাবা বা কংলাশ্বা মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে।১২ ১৯৮০ চনৰ ১৮ ডিচেম্বৰত মণিপুৰ ৰাজ্য চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। ইম্ফলৰ কংলা প্ৰসাদত অৱস্থিত কংলাশ্বাৰ মূৰ্তিৰ পৰা ইয়াৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। প্ৰতীকৰ তলত মেইতেই ভাষাত কংলাশ্বা লিখা আছে।

তথ্যসূত্ৰ

  1. ↑ (1989). Internationales Asien Forum: International quarterly for Asian studies
  2. ↑ Singh, Moirangthem Kirti. (1993). Folk Culture of Manipur. ISBN 9788170490630
  3. ↑ Lisam, Khomdan Singh. (2011). Encyclopaedia of Manipur (3 Vol.). ISBN 9788178358642
  4. ↑ Joykumar Singh, N. (2006). Ethnic Relations Among the People of North-East India. ISBN 9788183700818
  5. ↑ (2013-01-09). Kanglasha by Prabin Pebam on Dribbble. Dribbble.com
  6. ↑ Rediscovering a heritage. Frontline.thehindu.com
  7. ↑ (2004). Vanyajāti
  8. ↑ Bahadur, Mutua. (1986). Epigraphical Records of Manipur
  9. ↑ Birajit, Soibam. (December 2014). Meeyamgi Kholao: Sprout of Consciousness
  10. ↑ Kanglasha model bombarded: 10th dec08 ~ E-Pao! Headlines. e-pao.net
  11. ↑ (2009-06-05). Kanglasha: E-Pao YellOut. E-pao.net
  12. ↑ The Improper Use of the State Emblem of India in Manipur

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱমণিপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নংশ্বাবা” প্ৰবন্ধৰ সংশোধন ৩৮১৪৬৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।