অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেওপানী দুৰ্গা মন্দিৰ

দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ।১ দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ। থানৰ পৰা প্ৰায় ২ কিল’মিটাৰ আগলৈ সুপ্ৰাচীন মূৰ্তি প্ৰতিষ্ঠাৰে ঐতিহ্যমণ্ডিত শিৱ থান এখন আছে। দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ আটকধুনীয়া নিৱাস অৱস্থিত।

কিংবদন্তি

স্বৰ্গীয় সুৰেন্দ্ৰ নাথ ৰয় (নুনু বাবু নামেৰে জনাজাত) নামৰ এজন জনপ্ৰিয় স্বাধীনতা সংগ্ৰামী, জনহিতকৰ আৰু চাহ খেতিয়কে অসমৰ দেওপানী চাহ বাগিচাত বাস কৰিছিল। এদিনাখন তেওঁ চাহ বাগিচাৰ হাবিত তেওঁৰ বন্ধু আৰু শ্ৰমিকসকলৰ সৈতে চিকাৰ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে এটা ঠাইত শিবিৰ পাতিছিল আৰু চিকাৰৰ পিছত বিশ্ৰাম লৈছিল। সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোক তেওঁলোকৰ ঘৰলৈ উভতি আহিল আৰু নুনু বাবুদে দেওপানী চাহ বাগিচাত থকা তেওঁৰ বাংলোত জিৰণি লবলৈ গ'ল। মাজনিশা তেওঁ দেৱী দুৰ্গাৰ সপোন দেখি সাৰ পাইছিল আৰু সপোনত দুৰ্গা দেৱীয়ে তেওঁক তেওঁলোকে চিকাৰ কৰি আমোদ কৰা ঠাইৰ তলত মা দুৰ্গা লুকাই আছে বুলি কৈছিল। তেওঁ নুনু বাবুক ভূগৰ্ভৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ কৈছিল।২

সেইৰাতিয়ে তেওঁ তেওঁলোকৰ পৰিয়ালৰ পুৰোহিতক মাতি পঠিয়ায় আৰু তেওঁৰ সপোনৰ কথা বিৱৰি কয়। পুৰোহিতে তেওঁক এয়া ঐশ্বৰিক আজ্ঞা বুলি পতিয়ন নিয়াইছিল। কেইঘণ্টামানৰ ভিতৰতে জংঘলৰ ঠাইখনত শ শ লোক একত্ৰিত হৈছিল আৰু খননৰ কাম আৰম্ভ হৈছিল। কিছুসময়ৰ পিছত এটাৰ পিছত এটাকৈ সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হ'ল। শেষত দেৱী দুৰ্গাৰ মূৰ্তি পোৱা গৈছিল আৰু হাতী ব্যৱহাৰ কৰি অতি সাৱধানতাৰে বিশাল আৰু গধুৰ মূৰ্তিটো উদ্ধাৰ কৰা হৈছিল।৩

ইয়াৰ কিছু দূৰত ক'লা গ্ৰেনাইটত খোদিত ভগৱান বিষ্ণুৰৰ এটা মূৰ্তি উদ্ধাৰ কৰা হৈছিল। পিছত নুনু বাবুয়ে তেওঁৰ দেউতাক উদ্যোগপতি দেৱৰাজ ৰয়ক আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মহেন্দ্ৰ নাথ ৰয়ক এই বিষয়ে অৱগত কৰে। তেওঁলোকৰ কুল দেৱী হিচাপে দুৰ্গা দেৱীক উপাসনা কৰাৰ বাবে দেৱী দুৰ্গাৰ মূৰ্তি উদ্ধাৰ হোৱা ঠাইৰ পৰা কেই মিটাৰ দূৰত অস্থায়ী আশ্ৰয়স্থল স্থাপন কৰা হৈছিল। এক শুভ মুহূৰ্ত বাছনি কৰি অতি ধুমধামেৰে প্ৰাণ প্ৰতিষ্ঠা পূজা স্বৰ্গীয় দেৱৰাজ ৰয় আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আয়োজন কৰি দেওপানী থান প্ৰতিষ্ঠা কৰিছিল।৪

অৱস্থান

দেওপানী দুৰ্গা মন্দিৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত। নুমলীগড়-ডিমাপুৰ সংযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত থানখন বোকাজান চহৰৰ পৰা দূৰত্ব প্ৰায় ২০ কিল’মিটাৰ।৫

পৰ্যটন

দেওপানী মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। প্ৰতি বছৰে অনুষ্ঠিত দুৰ্গা পূজাত মন্দিৰত ভক্ত সকলৰ ভীৰ পৰিলক্ষিত হয়।৬ শ্ৰী সুৰেন্দ্ৰ বৈষ্ণো কল্যাণ প্ৰতিষ্ঠানম ন্যাসে মন্দিৰ পৰিচালনা কৰে। চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত ইতিহাসপ্ৰসিদ্ধ পৰ্যটন স্থলৰ পৰিকাঠামো উত্তৰণৰ উদ্দেশ্যে প্ৰকাশিত অনুদান প্ৰাপ্তিৰ তালিকাত দেওপানী থানো অন্তৰ্ভুক্ত হৈছে। দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ নিৱাস অৱস্থিত।৭

তথ্যসূত্ৰ

  1. ↑ ignca.gov.in, ignca.gov.in. ignca Deopani Durga Mandir. ignca.gov.in
  2. ↑ deopanidurgamandir, deopanidurgamandir. deopanidurgamandir. www.deopaniduramandir.com
  3. ↑ ignca.gov.in, ignca.gov.in. Archaeological sites Assam Deopani Durga Mandir report. www.ignca.gov.in
  4. ↑ Deopanidurgamandir.com, Deopanidurgamandir.com. Deopani Durga mandir history. www.deopanidurgamandir.com
  5. ↑ Karbi Anglong District Administration, Karbi Anglong District Administration. Karbi Anglong archaeology. www.karbianglong.nic.in
  6. ↑ sentinelassam, sentinelassam. Durga Puja celebration in Durga Temple Karbi Anglong. www.sentinelassam.com
  7. ↑ assamassembly,Government of Assam, assamassembly,Government of Assam. State Budget -Assam-2019-20 Deopani Durga Mandir Annexure I Page 38. www.assamassembly.gov.in

সম্পৰ্কিত শ্ৰেণী

কাৰ্বি আংলং জিলাঅসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰঅসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওপানী দুৰ্গা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৪০৩০৭৬ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।