অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নাং কোৱাক

নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ৬৩৮ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। নাং কোৱাক দেৱতাতকৈ বেছি জনপ্ৰিয় লোককথাৰ ব্যক্তিত্ব বুলিহে গণ্যকৰা হ'লেও উপলভ্য বৌদ্ধ কিংবদন্তিয়ে তেওঁক বৌদ্ধ ধৰ্মৰ সৈতে সংপৃক্ত কৰিব বিচাৰে।

সাধাৰণতে ৰঙা থাই শৈলীৰ কাপোৰ পিন্ধা নাং কোৱাক হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী মেপ’ ছপৰ অৱতাৰ। হিন্দু দেৱী লক্ষ্মীৰ সৈতেও তেওঁৰ মিল আছে ৷ ১

দোকান আৰু ব্যৱসায়ীৰ মাজত নাং কোৱাক জনপ্ৰিয়।

আইকনগ্ৰাফী

নাং কোৱাকক প্ৰায়ে ৰঙা থাই পোছাক পিন্ধা এগৰাকী ধুনীয়া মহিলা হিচাপে প্ৰতিনিধিত্ব কৰা হৈছে ৷ সোণৰ মুকুট পিন্ধি তেওঁ বহি বা আঁঠু লোৱা অৱস্থাত থাকে। দেৱীৰ সোঁহাতখন থাইলেণ্ডৰ গ্ৰাহকক ইংগিতপূৰ্বক আমন্ত্ৰণ দিয়াৰ ধৰণেৰে দেখুওৱা হৈছে, হাতৰ তলুৱাখন বেঁকা কৰি তললৈ আঙুলিয়াই থকা ভংগীত চিত্ৰিত কৰা হয়। তেওঁৰ বাওঁহাতখনৰ কাষত কোলাৰ ওচৰত সোণেৰে ভৰা বেগ এটা থাকে।

নাং কোৱাকৰ বৰ্তমানৰ আইকনগ্ৰাফী চিয়ামৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী মেপ’ ছপ (แม่โพสพ)ৰ সৈতে মিল আছে।২ ১ কিন্তু মেপ’ ছপৰ দৰে নাং কোৱাকে চপোৱা ধানৰ ঠোক সোঁ কান্ধত পিন্ধা লৈ নাথাকে। নাং কোৱাকৰ আইকনগ্ৰাফী হিন্দু দেৱী শ্ৰীলক্ষ্মীৰ দৰে, ধন-সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী।

জাপানীজ মানেকি নেকোৱে ইংগিত দিয়া মেকুৰীৰ আইকনগ্ৰাফীৰদৰে একেধৰণৰ উপাদান দেখিবলৈ পোৱা যায়। ৩

প্ৰতীকবাদ

দোকানীসকলৰ বাবে ভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।]]

নাং কোৱাকে টকাৰ ৰূপত ঘৰএখনলৈ সৌভাগ্য কঢ়িয়াই অনা বুলি ধৰা হয়। তেওঁ বণিক আৰু বিক্ৰেতাৰ পৃষ্ঠপোষক দেৱতা। থাইলেণ্ডৰ প্ৰায় প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানতে নাং কোৱাকৰ প্ৰতীক দেখা যায় ৷৪

থাই লোকসকলে তেওঁলোকৰ ঘৰ বা দোকানত দেৱীৰ মূৰ্তি বা প্ৰতীক অংকিত কাপোৰত পোষ্টাৰ (যাক ফা য়ান্ট, বা য়ান্ত্ৰ কাপোৰ বুলি কোৱা হয়) ৰাখি ভাল পায়। থাইলেণ্ডৰ বহু লোকে নিজৰ সামগ্ৰী বিক্ৰী কৰি ঘূৰি ফুৰে, এই সকলে ডিঙিত তেওঁৰ প্ৰতীকি তাবিজ পিন্ধে।

কিংবদন্তি

ব্যৱসায়ী পৰিয়ালৰ কিংবদন্তি

বৌদ্ধ ধৰ্মৰ এটা কিংবদন্তিত নাং কোৱাকক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যৱসায়ী পৰিয়ালৰ নাং সুপাৱাদী (বা সুভাবাদী) নামৰ এগৰাকী কুমাৰী হিচাপে উপস্থাপন কৰা হৈছে।৫ এই কিংবদন্তি অনুসৰি সাৱাদতী প্ৰদেশৰ মিচিকাসন্ধানকৰ সৰু চহৰত সুজিদতপ্ৰ্মা আৰু তেওঁৰ পত্নী সুমন্ত নামৰ এটা বিবাহিত পৰিয়াল আছিল, যাৰ সুপৱাদী নামৰ এগৰাকী কন্যা সন্তান আছিল। তেওঁলোকে বজাৰত সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁলোকে নিজৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰি আছিল আৰু অধিক লাভৰ বাবে আৰু বৃদ্ধাৱস্থাৰ বাবে সঞ্চয় কৰিবলৈ ব্যৱসায়টো সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

তেওঁলোকে ব্যৱসায়ীক যাত্ৰাৰ উদ্দেশ্যে এখন গুইৱান (কাৰ্ট) কিনিছিল আৰু নিজৰ সামগ্ৰীসমূহ আন এখন চহৰলৈ নি বিক্ৰী কৰিছিল। আন চহৰৰ পৰাও সাৱাদতী আৰু মিচিগাসন্ধানকাৰত বিক্ৰী কৰিবলৈ সামগ্ৰী লৈ উভতি আহিছিল। কেতিয়াবা, কেতিয়াবা তেওঁলোকক সহায় কৰিবলৈ সুপাৱাদীও আহিছিল। এদিন সুপাৱাদীয়ে দূৰৈৰ চহৰ এখনত মাক-দেউতাকক সামগ্ৰী বিক্ৰী কৰাত সহায় কৰি থাকোঁতে ফ্ৰা গুমাৰ্ণ গাছাবা থেৰাৰ ধৰ্মধ্বনি শুনিলে; তেওঁৰ ধৰ্মধ্বনিত তেওঁ আপ্লুত হৈছিল আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। গাছাবা থায়েৰাই যেতিয়া তেওঁৰ বিশ্বাস আৰু ভক্তি দেখিলে, তেতিয়া তেওঁ নিজৰ সকলো চিন্তা আৰু একাগ্ৰতা শক্তিক অৰহন্ত হিচাপে আহ্বান কৰি নাং সুপাৱাদী আৰু তেওঁৰ পৰিয়ালক বিক্ৰীৰ ক্ষেত্ৰত সৌভাগ্য আৰু ভাগ্যৰ আশীৰ্বাদ প্ৰদান কৰিলে।

ৰামাকিয়েন মহাকাব্যৰ কিংবদন্তি

হংকঙৰ কুঁ নগাম চিং ইউয়েনত (মন্দিৰ) নাং কাৱাকৰ মূৰ্তি।
হংকঙৰ কুঁ নগাম চিং ইউয়েনত (মন্দিৰ) নাং কাৱাকৰ মূৰ্তি।ছবি: hkgalbert · CC0

থাইলেণ্ডৰ আন এটা কিংবদন্তিত নাং কোৱাকক হিন্দু মহাকাব্য ৰামায়ণৰ থাই সংস্কৰণ মহাকাব্য ৰামাকিয়েনত ৰজাক দানৱৰ পৰা ৰক্ষা কৰা এগৰাকী মহিলা হিচাপে উপস্থাপন কৰা হৈছে। ইয়াৰ পিছত তেওঁ য’তেই উপস্থিত হৈছিল তাতেই সৌভাগ্য আৰু সমৃদ্ধিৰ (পুণ্য) উদয় হৈছিল।

নাং কোৱাক আছিল পু চাও খাও খিয়াও ( lit. " Grandfather Lord of the Green Mountain")ৰ কন্যা, যাক প্ৰা পানাছাবোদী বুলিও কোৱা হয়। পু চাও খাও খিয়াও আছিল চাটু মহা ৰাচিকা ৰাজ্যৰ (স্বৰ্গৰ নিম্নস্তৰৰ অন্যতম – দৈত্য আৰু প্ৰেতৰ এক অসুৰ ৰাজ্য) এজন প্ৰভু। তেওঁ আছিল অৰণ্য আৰু বনৰীয়া উদ্ভিদ গজা ঠাইৰ প্ৰভু। টো কোক খানাক (‘অনুৰক’ বুলিও জনা যায়) নামৰ এজন অসুৰ দানৱ, পু চাও খাও খিয়াওৰ ভাল বন্ধু আছিল।

টো কোক খানকক ফ্ৰা ৰামে (ৰমাকিয়েনৰ নায়ক) আক্ৰমণ কৰে। ফ্ৰা ৰামে কোক গছ এজোপা দানৱটোৰ ফালে দলিয়াই দিয়ে আৰু এই গছে দানৱটোক প্ৰ সুমেন পৰ্বতৰ কাষত বুকুভেদি ৰাখিলে। প্ৰ ৰামে তেওঁক অভিশাপ দিলে যে 'যেতিয়ালৈকে খানকৰ বংশধৰসকলে পদুমৰ পাহিৰে চিভাৰা সন্ন্যাসীৰ বাবে এটা চোলা তৈয়াৰ কৰি প্ৰা শ্ৰী আৰিয়া মৈত্ৰাই (মৈত্ৰেয়, ভৱিষ্যত বুদ্ধ)ক অৰ্পণ নকৰে তেতিয়ালৈকে এই অভিশাপৰ খণ্ডন নহ'ব।'

টো কোক খানাগৰ কন্যা নাং প্ৰচান্তই পিতৃক সেই অৱস্থাত সেৱা কৰিছিল আৰু পদুমৰ পাহিৰ পৰা চিভাৰাৰ চোলা ৱৈ উলিয়াবলৈ জীৱনৰ সকলো সময় খৰচ কৰিছিল।

গ্ৰন্থপঞ্জি

  • ফিয়া আনুমান ৰাজাধোন, থাই লোককাহিনীৰ ওপৰত ৰচনাসমূহ ISBN
  • Pranie Wongthet, Reconfiguration of the Role of the Guardian Spirit: Reflection from the Fuan Feasting Ritual আৰ্কাইভ কৰা 2011-10-08

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Jonathan Lee, Fumitaka Matsuoka, Edmond Yee and Ronald Nakasone (2015), Asian American Religious Cultures, ABC,, page 892
  2. ↑ Pairin Jotisakulratana, Mae Po sop: The Rice Mother of Thailand
  3. ↑ Nang Kwak, Background information
  4. ↑ Astrologers
  5. ↑ Ara Wilson (2008), The Sacred Geography of Bangkok’s Markets, International Journal of Urban and Regional Research, Volume 32.3, September 2008, page 635

সম্পৰ্কিত শ্ৰেণী

ভাগ্য দেৱীদেৱীবৌদ্ধ কিংবদন্তিবৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাং কোৱাক” প্ৰবন্ধৰ সংশোধন ৫০০৭৮৬ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।