অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰনাজ সান্ধু

হৰনাজ কৌৰ সান্ধু (Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হৰনাজ কৌৰ সান্ধু (Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।১ সান্ধুক অতিৰিক্তভাৱে ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাব হিচাপে মুকুট পিন্ধোৱা হৈছিল, আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত ছেমিফাইনেলিষ্ট হিচাপে স্থান দিয়া হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সান্ধুৰ জন্ম হৈছিল পঞ্জাবৰ গুৰদাসপুৰ জিলাৰ বাটালা চহৰৰ ওচৰৰ কোহালী গাঁৱত। তেওঁৰ পিতৃ-মাতৃৰ নাম প্ৰীতম্পাল সিং সান্ধু আৰু ৰবিন্দৰ কৌৰ সান্ধু। তেওঁৰ দেউতাক এজন ৰিয়েলটৰ আৰু তেওঁৰ মাক এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁৰ ডাঙৰ ভাতৃৰ নাম আছিল হাৰনুৰ।২ এটা জাত শিখ পৰিয়ালত সান্ধু ডাঙৰ হৈছিল।৩৪

২০০৬ চনত পৰিয়ালটো ইংলেণ্ডলৈ গুচি গৈছিল আৰু দুবছৰ পিছত ভাৰতলৈ উভতি আহি সান্ধু ডাঙৰ-দীঘল হোৱা ঠাই চণ্ডিগড়ত থাকিবলৈ লয়।৫২ তেওঁ চণ্ডিগড়ত থকা শিৱালিক পাব্লিক স্কুল আৰু স্নাতকোত্তৰ চৰকাৰী ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। মিছ ইউনিভাৰ্ছ হোৱাৰ আগতে, সান্ধুৱে ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ৬ নিজৰ মাতৃভাষা পঞ্জাৱীৰ উপৰিও সান্ধুৱে হিন্দী ভাষা আৰু ইংৰাজী ভাষা ভাষাও সাৱলীলভাৱে কʼব জানিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Indian Express indianexpress.com/article/lifestyle/fashion/miss
  2. ↑ (14 December 2021). Once a small-town girl, Miss Universe Harnaaz Sandhu capturing hearts across globe. হিন্দুস্তান টাইমছ
  3. ↑ Rohtaki, Hina. (14 December 2021). ‘Harnaaz means everyone’s pride, she proved that today’. The Indian Express
  4. ↑ (15 December 2021). Harnaaz Sandhu is the first Sikh woman to win Miss Universe title
  5. ↑ (11 October 2021). मिस यूनिवर्स के लिए ऐसे तैयारी कर रही हैं हरनाज संधू, तीनों ही स्टार्स ने खोले जिंदगी के राज. Times Now
  6. ↑ (13 December 2021). Who is Harnaaz Sandhu? The Miss Universe 2021 from India. Hindustan Times
  7. ↑ (14 December 2021). Harnaaz Sandhu, Miss Universe 2021 From Punjab (The Land of Farmers) Makes India Proud. Krishi Jagran

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰনাজ সান্ধু” প্ৰবন্ধৰ সংশোধন ৫২৭৩৭১ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।