অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰবিন্দৰ সিং

হৰবিন্দৰ সিং (Harvinder Singh) এজন ভাৰতীয় পেৰা ধনুৰ্বিদ। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এয়া আছিল ভাৰতৰ বাবে আৰ্চাৰীত প্ৰথম অলিম্পিক বা পেৰালিম্পিক পদক।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৪ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হৰবিন্দৰ সিং (Harvinder Singh) এজন ভাৰতীয় পেৰা ধনুৰ্বিদ। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এয়া আছিল ভাৰতৰ বাবে আৰ্চাৰীত প্ৰথম অলিম্পিক বা পেৰালিম্পিক পদক।১২৩৪ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ সোণৰ পদক লাভ কৰে।

ব্যক্তিগত জীৱন

হৰবিন্দৰ সিঙৰ জন্ম হৈছিল ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কাইথাল জিলাৰ অজিতনগৰৰ এক কৃষক পৰিয়ালত।৫ তেওঁৰ দেউতাক পৰমজিৎ সিং এজন কৃষক। ডেৰ বছৰ বয়সত হৰবিন্দৰ ডেংগি জ্বৰত ভুগিছিল আৰু তেওঁক এটা ভুল বেজী দিয়া হৈছিল, যাৰ বিৰূপ প্ৰভাৱৰ ফলত তেওঁৰ ভৰি সঠিকভাৱে কাম কৰা বন্ধ কৰিছিল।৩

পাটিয়ালাৰ পঞ্জাবী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত স্নাতকোত্তৰ আৰু ডক্টৰেল ডিগ্ৰী লাভ কৰে।৫ ২০১২ চনত লণ্ডন অলিম্পিকৰ আৰ্চাৰী খেল চোৱাৰ সময়ত হৰবিন্দৰে আৰ্চাৰীৰ প্ৰতি আগ্ৰহী হয় আৰু আৰ্চাৰী ৰেঞ্জত যোগদান কৰে।৩৫ পেৰালিম্পিকৰ ৱেবছাইটক দিয়া সাক্ষাৎকাৰত কৈছিল যে, সংগ্ৰামৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁক বিশ্ববিদ্যালয়খনে প্ৰয়োজনীয় সঁজুলি আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছিল। অলিম্পিক গোল্ড কুৱেষ্ট আৰু টাৰ্গেট অলিম্পিক পোডিয়াম আঁচনি (টপ্‌ছ)-ৰ দৰে কাৰ্যসূচীয়ে তেওঁ আৰ্থিকভাৱে সমৰ্থন আগবঢ়াই আহিছে।৫

কেৰিয়াৰ

হৰবিন্দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৭ চনত বেইজিংত অনুষ্ঠিত পেৰা আৰ্চাৰী বিশ্ব চেম্পিয়নশ্বিপ আত্মপ্ৰকাশ কৰে আৰু সপ্তম স্থান লাভ কৰে। তেওঁ ইণ্ডোনেছিয়াত অনুষ্ঠিত ২০১৮ এছিয়ান পেৰা গেমছত পেৰা আৰ্চাৰীত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল। বেংকক ২০১৯ এছিয়ান পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপতো তেওঁ ব্ৰঞ্জৰ পদক জয় কৰে। ডুবাইৰ ২০২০ ফজ্জা পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁৰ প্ৰদৰ্শন হতাশাজনক আছিল।৫

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১ কুৱালিফিকেচন ৰাউণ্ডৰ শেষত তেওঁ ২১ নম্বৰ স্থানত আছিল। পিছে তেওঁ পাছৰ ৰাউণ্ডসমূহত প্ৰত্যাৱৰ্তন কৰি ছেমিফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেভিন মাথেৰৰ হাতত ৪–৬ ব্যৱধানত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ বাবে খেলা খেলত তেওঁ দক্ষিণ কোৰিয়াৰ কিম মিন চুক অন্তিম শ্বুট-অফত ৬–৫ (১০–৮)-ত পৰাজিত কৰি পদক লাভ কৰে।৬৭

তথ্যসূত্ৰ

  1. ↑ Harvinder Singh wins bronze, India's first ever archery medal at Paralympics. www.telegraphindia.com
  2. ↑ Tokyo Paralympics: Harvinder Singh wins bronze, India's first-ever medal in archery. The Bridge - Home of Indian Sports
  3. ↑ Tokyo Paralympics, archery: India’s Harvinder Singh wins bronze with thrilling win in a shootoff. Scroll.in
  4. ↑ Tokyo Paralympics: Harvinder Singh wins bronze, India’s first archery medal. The Indian Express
  5. ↑ The Story of Harvinder Singh - From Watching Archery at Olympics on TV to Winning Bronze at Paralympics. News18
  6. ↑ Tokyo Paralympics: Harvinder Singh bags archery bronze in individual recurve to grab India's 13th medal. India Today
  7. ↑ (3 September 2021). Archery – Men's Individual Recurve - Open – Brackets - Final Rounds. olympics.com. TOCOG

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধনুৰ্বিদপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰবিন্দৰ সিং” প্ৰবন্ধৰ সংশোধন ৪৩১৫৩০ (১০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।