অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অলিভাৰ থমাছ কট্টাৰ

অলিভাৰ থমাছ কট্টাৰ (১৮১১-১৮৮১) আছিল অসমলৈ অহা আমেৰিকান মিচনেৰী দলৰ অন্যতম সদস্য। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি। ১৮৪৩ চনত শিৱসাগৰলৈ আহি তাত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয়।

হালনাগাদ: ১৩ মে’ ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অলিভাৰ থমাছ কট্টাৰ (১৮১১-১৮৮১)১ আছিল অসমলৈ অহা আমেৰিকান মিচনেৰী দলৰ অন্যতম সদস্য। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি। ১৮৪৩ চনত শিৱসাগৰলৈ আহি তাত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয়।২ ১৮৪৬ চনৰ পৰা প্ৰকাশ পোৱা অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুণোদই’ৰ প্ৰতিষ্ঠাপক মুদ্ৰক আৰু প্ৰকাশক আছিল।৩ ১৮৫২ চনলৈ তেওঁ এই কাম কৰিছিল। তেওঁ অসমত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ অন্যতম পৃষ্ঠপোষক আছিল। ১৮৫২ চনত তেওঁ লণ্ডনলৈ যায় আৰু ১৮৮১ চনৰ এপ্ৰিলত তাতে মৃত্যু হয়। তেওঁৰ পত্নী হেৰিয়েট বাউমেন ল’ কট্টাৰ-এও অসমীয়া সাহিত্যলৈ উল্লেখনীয় বৰঙনি আগবঢ়াইছিল।

তথ্যসূত্ৰ

  1. ↑ Cutter, Oliver T. (1827-1881). American Baptist Historical Society
  2. ↑ কৌশিক বৰুৱা, শান্তনু. (২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. সঞ্জীৱন প্ৰকাশন. পৃ. ৭৬
  3. ↑ Kalita, Monmi. (March 2020). A Study On Educational Environment During The Era Of Orunodoi In Assamese Literature. INTERNATIONAL JOURNAL OF SCIENTIFIC & TECHNOLOGY RESEARCH

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান বেপ্তিষ্ট মিছনেৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিভাৰ থমাছ কট্টাৰ” প্ৰবন্ধৰ সংশোধন ৬০৬১৮৩ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।