হেনৰী ফৰ্ড ( ৩০ জুলাই, ১৮৬৩ - ৭ এপ্ৰিল ১৯৪৭) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী আছিল। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ী সমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে, ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল।১
জন্ম আৰু শৈশৱকাল
হেনৰী ফৰ্ডৰ জন্ম ১৮৬৩ চনৰ ৩০ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত হৈছিল। তেওঁৰ পিতৃৰ নাম ৱিলিয়াম ফৰ্ড আৰু মাতৃ আছিল মেৰী ফৰ্ড। তেওঁ ১৬ বছৰ বয়সতেই মেকানিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনৰী ফৰ্ড” প্ৰবন্ধৰ সংশোধন ৩৫২৮১৭ (৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।