অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমৰকান্ত

অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা১ আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ২ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।৩৪ অমৰকান্তক প্ৰেমচন্দৰ উত্তৰসুৰী বুলি কোৱা হয় যদিও তেওঁ নিজা শৈলীৰে এই গল্পকথন প্ৰথাক এক সুকীয়া মাত্ৰা দিছে। ২

ব্যক্তিগত জীৱন

১৯২৫ চনত উত্তৰ প্ৰদেশৰ বল্লিয়া জিলাত অমৰকান্তৰ জন্ম হৈছিল। ১৯৪২ চন্ৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ সক্ৰিয় ভূমিকা লৈছিল। ইয়াৰ বাবে তেওঁ কেইবা বছৰো পঢ়া-শুনাৰপৰা আঁতৰি আছিল। এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু স্থানীয় হিন্দী কাকতৰ সাংবাদিকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০০ চনৰ শেষৰফালে আশী বছৰীয়া অমৰকান্ত দৰিদ্ৰতাত ভুগিছিল।২৫

২০১৪ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে, ৮৯ বছৰ বয়সত অমৰকান্তৰ মৃত্যু হয়। তেওঁ দুজন ল'ৰা আৰু এজনী ছোৱালীৰ পিতৃ।২

তথ্যসূত্ৰ

  1. ↑ Sahitya Akademi Awards listings. Sahitya Akademi, Official website
  2. ↑ (18 February 2014). Hindi litterateur Amarkant dead. The Hindu
  3. ↑ Jnanpith Laureates. Bharatiya Jnanpith
  4. ↑ "Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award", The Hindu, 20 September 2011
  5. ↑ Vijay Pratap Singh. (16 April 2014). Broke, ailing, Amar Kant willing to sell Akademi Award, medals. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীহিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰকান্ত” প্ৰবন্ধৰ সংশোধন ৩৭৯৭৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।