অশোক শইকীয়া (Ashok Saikia) ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) যুটীয়া সম্পাদক আছিল।১২ ১৯৮০ দশকত তেওঁ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৪৭ চনত যোৰহাট জিলাৰ তিতাবৰ মহকুমাত অশোক শইকীয়াৰ জন্ম হৈছিল। তেওঁ স্কুলীয়া শিক্ষা তিতাবৰতে গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ শ্বিলং আৰু দিল্লীৰ ৰামজাছ কলেজত বুৰঞ্জী বিষয়ত নামভৰ্তি কৰে। ১৯৭১ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়।২৩
কৰ্মজীৱন
প্ৰথমতে, অশোক শইকীয়াই দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছিল। তাৰ পিছত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ দশকত তেওঁ অসমৰ এডুকেশ্বন কমিছনাৰ পদত আছিল। অশোক শইকীয়া ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) এজন সদস্য আছিল। সকলো স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় বাজপেয়ী আৰু গৃহ মন্ত্ৰী লাল কৃষ্ণ আদৱানিয়ে তেওঁৰ লগত আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিছিল।১
মৃত্যু
২০০৭ চনৰ ৩০ ডিচেম্বৰৰ দিনা অশোক শইকীয়াই মৃত্যুবৰণ কৰে।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ PM LOSES HIS BLUE-EYED BOY: MAN FRIDAY'S MANIPULATION
- ↑ PRIYA SAHGAL. (JUL 24, 2000). Who On Earth Is Ashok Saikia?. outlookindia.com
- ↑ Ashok Saikia: an officer and a gentleman. Sulekha.com
- ↑ (Dec 31 2007). Vajpayee PMO’s pointsman Ashok Saikia passes away. indianexpress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৭৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।