অৰিন্দম শৰ্মা এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু এজন লেখক যিয়ে প্ৰধানকৈ অসমীয়া চলচ্চিত্ৰ জগতত কাম কৰে আৰু (অসমীয়া) ছুপাৰহিৰো ছবি আদ্ভিত্যৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। অসমৰ যোৰহাটৰ ব্ৰজেন্দ্ৰ নাথ শৰ্মা আৰু লখিমী দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰা অৰিন্দম শৰ্মাই যোৰহাট চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে। তাৰ পিছত লুইত ভেলী একাডেমীত যোগদান কৰে। চলচ্চিত্ৰত ভৰি দিয়াৰ পূৰ্বে তেওঁ কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তি বিষয়ত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিছিল। আই টি অভিযন্তা তথা চলচ্চিত্ৰ নিৰ্মাতা গৰাকী যোৰহাটত থাকে।
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
- ↑ "Director Arindam Sharma's exclusive interview with Pratidin Times". www.pratidintime.com
- ↑ "Arindam Sharma's directorial Advitya is all set to release". www.thehindu.com
- ↑ "The Times of India: First film on Assamese superhero "Advitya" all set to wow audience". www.thefacebook.com
- ↑ "Asam Bani E-paper: ন-চিন্তাৰে অসমীয়া চলচিত্ৰত নৱ্য় সংযোজন "আদ্ভিত্য়" - কল্য়াণ কুমাৰ কলিতা". www.asambani.com
- ↑ "পূ্ৰ্বদিশ: কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’". https://purbodix.com/
- ↑ "চলিত বৰ্ষৰ শেষৰ ফালে “আদ্ভিত্য”; উৎসাহিত দৰ্শকোঃ". https://rupaliparda.com/
- ↑ "নতুন ট্ৰিটমেন্টৰ আদ্ভিত্য়". https://dainikasam.assamtribune.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰিন্দম শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৩৬ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।