ৰিতেশ বিলাসৰাও দেশমুখ (Riteish Vilasrao Deshmukh) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, প্ৰয়োজক, যি হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনীতিবিদ বিলাসৰাও দেশমুখৰ পুত্ৰ।১২
ব্যক্তিগত জীৱন
দেশমুখৰ জন্ম হৈছিল ১৯৭৮ চনৰ ১৭ ডিচেম্বৰত, মুম্বাইত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় লঘূ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী বিলাসৰাও দেশমুখ আৰু বৈশালী দেশমুখৰ ঘৰত। তেওঁৰ জ্যেষ্ঠ ভাতৃ অমিত দেশমুখ লাটুৰ চহৰৰ বিধায়ক আৰু কনিষ্ঠ ভাতৃ ধীৰাজ দেশমুখ লাটুৰ গ্ৰাম্যৰ বিধায়ক আছিল। তেওঁৰ ডাঙৰ বায়েক অদিতি দেশমুখ, এগৰাকী অভিনেত্ৰী আৰু কনিষ্ঠ ভনীয়েক দীপশিখা দেশমুখ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিতেশ দেশমুখ” প্ৰবন্ধৰ সংশোধন ৩৭২১৯৫ (২১ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।