অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিতা শৰ্মা

অমিতা শৰ্মা ( Amita Sharma) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ বৰ্তমানৰ অধ্যক্ষ। মূলতঃ সোঁহতীয়া মধ্যম বেগী বলাৰ হিচাপে খেলিছিল। ২০০২ চনৰপৰা ২০১৪ চনলৈকে ভাৰতৰ হৈ ৫খন টেষ্ট মেচ, ১১৬খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৪১খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অমিতা শৰ্মা ( Amita Sharma) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ বৰ্তমানৰ অধ্যক্ষ।১ মূলতঃ সোঁহতীয়া মধ্যম বেগী বলাৰ হিচাপে খেলিছিল। ২০০২ চনৰপৰা ২০১৪ চনলৈকে ভাৰতৰ হৈ ৫খন টেষ্ট মেচ, ১১৬খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৪১খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ ৰেলৱে, অসম আৰু দিল্লীৰ হৈ খেলিছিল।.২৩

শৰ্মাই প্ৰথমবাৰৰ বাবে ২০০২ চনত ভাৰতৰ হৈ খেলিছিল আৰু অতি সোনকালেই দলটোৰ এক অন্যতম সদস্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত ১৪টা উইকেট দখল কৰি নিজৰ দলটোক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে।৪

২০১২ চনত ইংলেণ্ডৰ বিৰুদ্ধে WODI ত শৰ্মা আৰু গৌহেৰ চুলতানাই দশম উইকেটৰ বাবে ৫৮ ৰান সংগ্ৰহ কৰে, যিটো সেই সময়ত WODI ইতিহাসৰ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব আছিল।৫৬

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত শৰ্মাক ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।৭

তথ্যসূত্ৰ

  1. ↑ "Amita Sharma appointed chairperson of Indian women’s cricket team selection committee". sportstar
  2. ↑ Player Profile: Amita Sharma. ESPNcricinfo
  3. ↑ Player Profile: Amita Sharma. CricketArchive
  4. ↑ Most wickets. ESPNcricinfo
  5. ↑ 2nd ODI: England Women v India Women at Taunton, Jul 4, 2012. Cricket Scorecard. ESPNcricinfo
  6. ↑ Records. Women's One-Day Internationals. Partnership records. Highest partnership for the tenth wicket. ESPNcricinfo
  7. ↑ "Amita Sharma appointed chairperson of Indian women’s cricket team selection committee". sportstar

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিতা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭০০৭৮ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।