অখিলেশ যাদৱ ভাৰতীয় ৰাজনীতিবিদ তথা সমাজবাদী পাৰ্টিৰ সভাপতি যিয়ে ২০১২ চনৰ পৰা ২০১৭ চনলৈ উত্তৰ প্ৰদেশৰ ২১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১৫ মাৰ্চত ৩৮ বছৰ বয়সত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়। ২০১৯ চনত ১৭ সংখ্যক লোকসভাত আজমগড়ৰ পৰা সংসদ সদস্য নিৰ্বাচিত হৈছিল যাদৱ। ৰাজনীতিত তেওঁৰ প্ৰথম উল্লেখযোগ্য সফলতা ২০০০ চনত কান্নুজ সমষ্টিৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক-পৃষ্ঠপোষক, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰবীণ ৰাজনীতিবিদ মুলায়ম সিং যাদৱৰ পুত্ৰ।১
তথ্যসূত্ৰ
- ↑ Dixit, Neha. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা. Oneindia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিলেশ যাদৱ” প্ৰবন্ধৰ সংশোধন ৫১২৪০৪ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।