ৰোহিনী কুমাৰ চৌধুৰী (Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।১২৩৪
জীৱনী
১৮৮৯ চনৰ ২ মে’ত অসমৰ কামৰূপত জন্মগ্ৰহণ কৰা ৰোহিনী কুমাৰ চৌধুৰীয়ে নগাঁও, গুৱাহাটী, ধুবুৰীৰ চৰকাৰী হাইস্কুলত অধ্যয়ন কৰি কলা আৰু আইন বিষয়ত ডিগ্ৰী লবলৈ স্কটিছ চাৰ্চ কলেজ, প্ৰেচিডেন্সি কলেজ আৰু ৰিপন কলেজলৈ যায়। পিছলৈ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা হয়।
প্ৰাদেশিক ৰাজনীতিৰ সৈতে গভীৰভাৱে জড়িত হোৱা চৌধুৰী ১৯২৭ চনৰ পৰা ১৯৪৫ চনলৈ অসম বিধানমণ্ডলৰ সদস্য হয়। ১৯৫১-৫২-ত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰথম সাধাৰণৰ নিৰ্বাচনত তেওঁ গুৱাহাটী সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ India. Parliament. Lok Sabha. (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃ. 92
- ↑ LIST OF MEMBERS OF THE CONSTITUENT ASSEMBLY (AS IN NOVEMBER, 1949). ৰাজ্যসভা
- ↑ India. Parliament. House of the People; India. Parliament. Lok Sabha. (1955). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 3135
- ↑ India. Constituent Assembly; India. Parliament. Lok Sabha. Secretariat. (1999). Constituent Assembly debates: official report. Reprinted by Lok Sabha Secretariat. পৃ. 792
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী কুমাৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪২৯৪২৪ (২২ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।