অচিন্ত্য শিউলি (Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।১ আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।২ বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত তেওঁ ৩১৩ কিলোগ্ৰামৰ খেলৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰে।৩৪
প্ৰাথমিক জীৱন
হাওৰা জিলাৰ পাঞ্চলাৰ দেউলপুৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত শিউলিৰ জন্ম হৈছিল।৫ ২০১৩ চনৰ এপ্ৰিল মাহত দেউতাক প্ৰতীক শিউলিৰ মৃত্যু হয়। দেউলপুৰ হাইস্কুলৰ পৰা শিউলিয়ে হাইস্কুলীয়া শিক্ষা সাং কৰে। শিউলিয়ে হাৰিয়ানাৰ যুৱ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি তৃতীয় স্থান দখল কৰে। তেওঁৰ ককায়েক আলোক শিউলিয়ে অচিন্ত্যৰ ক্ৰীড়া কেৰিয়াৰক আগবাঢ়ি যোৱাত সমৰ্থন কৰে।৬ শিউলিয়ে ২০১৩ চনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৫০কিলোগ্ৰাম শাখাত জয়লাভ কৰে আৰু ২০১৪ চনত আৰ্মি স্প'ৰ্টছ ইনষ্টিটিউট, পুনেত প্ৰৱেশ কৰাৰ সুযোগ পায়।৭৮
তথ্যসূত্ৰ
- ↑ Sarangi, Y. B. (26 May 2021). Achinta Sheuli wins silver at World Junior Weightlifting Championships. Sportstar
- ↑ (6 September 2019). Achinta Sheuli stitches a new life on the weightlifting platform. The Indian Express
- ↑ Birmingham 2022 Results. results.birmingham2022.com
- ↑ Selvaraj, Jonathan. (1 August 2022). Achinta Sheuli wins gold in 73kg weightlifting in Commonwealth Games 2022. Sportstar
- ↑ (2022-08-01). The family was running on 500 rupees, earned by my mother! Achinta said after winning the gold. The Hindustan Gazette
- ↑ Meet Achinta Sheuli, Kolkata weightlifter who smashed CWG record to win GOLD. Zee News
- ↑ সৰকাৰ, সন্দীপ. (2022-08-01). Exclusive: বাবাৰ শেষকৃত্য কৰেছিলেন ধাৰ কৰে, ধান বয়ে মিলত ঘুগনি-ডিম, হাওড়াৰ অচিন্ত্যৰ ৰূপকথা. bengali.abplive.com
- ↑ (2022-08-01). Underweight once, Achinta Sheuli does heavy lifting to extend India’s golden run at Commonwealth Games weightlifting. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অচিন্ত্য শিউলি” প্ৰবন্ধৰ সংশোধন ৩২৯৬৯৯ (২ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।