অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অন্তৰা দেৱ সেন

অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।

জন্ম আৰু শিক্ষা

নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু লেখিকা নবনীতা দেৱ সেনৰ কন্যা আৰু প্ৰথম সন্তান অন্তৰা দেৱ সেনৰ জন্ম হৈছিল ইংলেণ্ডৰ কেম্ব্ৰিজত। তেওঁ দিল্লী আৰু কলিকতাত স্কুলীয়া শিক্ষা আৰু ভাৰত (কলিকতা) আৰু আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়, মেছাচুচেটছৰ স্মিথ কলেজ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল৷

কেৰিয়াৰ

শিক্ষা সমাপ্ত কৰি হিন্দুস্তান টাইমছত যোগদান কৰে৷ তাৰ পৰা জ্যেষ্ঠ সম্পাদক হিচাপে তেওঁক ৰয়টাৰ্ছ ফাউণ্ডেশ্যনৰ ফেল’শ্বিপত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ পঠিওৱা হয়। কলিকতাৰ আনন্দবাজাৰ পত্ৰিকা গ্ৰুপ আৰু দিল্লীৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাবেও তেওঁ কাম কৰি আহিছে।

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলাসাংবাদিকবঙালী ব্যক্তিপশ্চিম বংগৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তৰা দেৱ সেন” প্ৰবন্ধৰ সংশোধন ৪৮৩৩০৪ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।