অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন বৰুৱা

ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।১

সংক্ষিপ্ত জীৱনী

যোৰহাট জিলাৰ চাৰিগাঁৱত ১৯৫৭ চনত ৰবীন বৰুৱাৰ জন্ম হৈছিল।১ যোৰহাট বাহনা বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ চিত্ৰকলাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে অসম চাৰুকলা মহাবিদ্যালয়ত ছবিৰ প্ৰশিক্ষণ লয়। পৰৱৰ্তী সময়ত তেওঁ শিশু সাহিত্যিক শান্তনু তামূলী সম্পাদিত শিশু আলোচনী মৌচাক (আলোচনী) আৰু ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদিত সঁফুৰাত চিত্ৰশিল্পী ৰূপে যোগদান কৰে। এইখিনি সময়তে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সান্নিধ্যলৈ আহে আৰু প্ৰান্তিক আলোচনীত তেত্ৰিছ বছৰ কাম কৰে। বৰুৱা যোৰহাট ফাইন আৰ্ট চ'ছাইটিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াই, দিল্লী আৰু গুৱাহাটীত আয়োজন কৰা কেইবাখনো কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁ বহুকেইখন শিশু গ্ৰন্থৰ ব্যাখ্যাচিত্ৰ আৰু বেটুপাত অংকন কৰিছিল। তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল। ২০২২ চনৰ ২১ জুন তাৰিখে, গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়ত বৰুৱাই মৃত্যুবৰণ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (২২ জুন, ২০২২). প্ৰখ্যাত চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান. দৈনিক জনমভূমি
  2. ↑ (Jun 21, 2022). চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান. প্ৰতিদিন টাইম

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিকাৰ্টুনিষ্টঅসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৬০৮৮ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।