অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰ্গজ্যোতি বৰুৱা

স্বৰ্গজ্যোতি বৰুৱা (Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২১ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

স্বৰ্গজ্যোতি বৰুৱা (Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল। চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু অভিনয় কৰিছিল আইদেউ সন্দিকৈ, ফণী শৰ্মা ইত্যাদি শিল্পীয়ে। ১৯৩৩ আৰু ১৯৩৫ চনৰ মাজৰ সময়ছোৱাত ছবিখনৰ শ্বুটিং হৈছিল। তেওঁ বোলছবিখনত ডালিমীৰ ভূমিকাত অভিনয় কৰিছিল।১

স্বাস্থ্যজনিত কাৰণত তেওঁৰ কম বয়সতে মৃত্যু হয়। তেওঁ গোলাঘাটৰ তাৰা প্ৰসাদ বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰাপ্ৰসাদ বৰুৱা আছিল স্কটিছ চাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ, কলিকতা বিশ্ববিদ্যালয়ৰ স্বৰ্ণপদক লাভকৰোঁতা, এজন নামজ্বলা উকীল আৰু লগতে অসমৰ তাম্ৰপত্ৰ লাভ কৰা এজন স্বাধীনতা সংগ্ৰামী।১

তথ্যসূত্ৰ

  1. ↑ Swargajyoti Barooah Video - Celebrity Interview and Paparazzi. OV Guide

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্গজ্যোতি বৰুৱা” প্ৰবন্ধৰ সংশোধন ২৬৮৫২৩ (২১ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।