অমোল গুপ্তে (জন্ম ১৯৬২)এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, অভিনেতা, গায়ক আৰু পৰিচালক।২০০৭ চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ (Like Stars on Earth) ছবিখনৰ বাবে অমোল গুপ্তে সৃষ্টিশীল পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি লাভ কৰে।১২ এই চলচ্চিত্ৰখন তেওঁৰ পত্নী দীপা ভাটিয়াৰ সৈতে কল্পনা, গৱেষণা, আৰু সম্পাদনা কৰিছিল। .৩৪ ২০১২ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ ভাৰতীয় শিশু চলচ্চিত্ৰ সমাজৰ অধ্যক্ষ আছিল, আৰু বৰ্তমান কৌতিক আন্তৰ্জাতিক ছাত্ৰ চলচ্চিত্ৰ মহোৎসৱৰ (Kautik International Student Film Festival) পৰামৰ্শদাতা মণ্ডলীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৫
ফিল্মগ্ৰাফী
পৰিচালনা
| বছৰ | চলচ্চিত্ৰ | পৰিচালক | লিখক | প্ৰযোজক | টোকা |
|---|---|---|---|---|---|
| ২০০৭ | ''পাঙ্গা না লো | ||||
| ২০০৭ | তাৰে জমিন পৰ | লগতে সৃষ্টিশীল পৰিচালক। | |||
| ২০১১ | ষ্টেনলি কা ঢাবা | ৬ | |||
| ২০১৪ | হাৱা হাৱাই | ||||
| ২০১৭ | স্নিফ | ||||
| ২০২১ | চাইনা |
অভিনয়
- হোলী (১৯৮৪)
- জো জীতা ৱোহি চিকন্দৰ (১৯৯২)
- কামিনি (২০০৯)
- ফাছ গেই ৰে ওবামা (২০১০)৭
- ষ্টেনলি কা ঢাবা (২০১১)
- ভেজা ফ্ৰাই ২ (২০১১)
- সিংঘম ৰিটাৰ্ণছ (২০১৪)
- এক তাৰা (২০১৫)
- স্নিফ (২০১৭)
- মুম্বাই চেগা৮ (২০২১)
বঁটা-বাহন
| বছৰ | কৰ্ম | বঁটা | শ্ৰেণী | ফলাফল |
|---|---|---|---|---|
| ২০০৮ | তাৰে জমিন পৰ | Apsara Film & Television Producers Guild Awards৯ | শ্ৰেষ্ঠ কাহিনী | |
| শ্ৰেষ্ঠ চিত্ৰনাট্য | ||||
| ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ কাহিনী | |||
| Screen Awards | শ্ৰেষ্ঠ কাহিনী | |||
| শ্ৰেষ্ঠ সংলাপ | ||||
| Zee Cine Awards | শ্ৰেষ্ঠ কাহিনী | |||
| V. Shantaram Award | শ্ৰেষ্ঠ লিখক১০ | |||
| ২০১০ | কামিনী | Apsara Film & Television Producers Guild Awards | নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা | |
| ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেতা | |||
| IIFA Awards | শ্ৰেষ্ঠ খলনায়ক | |||
| Screen Awards | শ্ৰেষ্ঠ খলনায়ক | |||
| শ্ৰেষ্ঠ নৱাগত অভিনেতা" | ||||
| Stardust Awards | ব্ৰেকথ্ৰু পাৰফৰ্মেন্স বঁটা – পুৰুষ" | |||
| V. Shantaram Awards | শ্ৰেষ্ঠ সহযোগী অভিনেতা |
তথ্যসূত্ৰ
- ↑ (2 August 2019). Cinema quiz: Inside Hindi cinema's classrooms. The Hindu
- ↑ (16 June 2011). Aamir avoids Amole Gupte, Anusha Rizvi. The Times of India
- ↑ (29 July 2018). DNA Mumbai Anniversary: Amol Gupte on how Taare Zameen Par changed mindset about education. DNA India
- ↑ Vij, Gauri. (3 February 2008). A leap of faith. The Hindu
- ↑ (15 June 2023). Festival People – Kautik International Student Film Festival
- ↑ Amole Gupte makes film out of children's workshop. IBN Live
- ↑ Phas Gaya Re Obama songs, Phas Gaya Re Obama videos, 2005. Dhunio.com
- ↑ (27 August 2019). Sanjay Gupta nervous to shoot for 'Mumbai Saga'. The Times of India
- ↑ (5 December 2009). Winners of 4th Apsara Film & Television Producers Guild Awards. bollywoodhungama.com
- ↑ Winners of the V. Shantaram Awards 2008. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমোল গুপ্তে” প্ৰবন্ধৰ সংশোধন ৫৬৯৯২৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।