অনুপমা পৰমেশ্বৰন (Anupama Parameswaran, জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে তেলেগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে।১২ তেওঁৰ মালয়ালম ভাষাৰ প্ৰথম অভিনিত চলচ্চিত্ৰ প্ৰেমম (২০১৫) -ত মেৰী জৰ্জৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত, তেওঁ সতমানম ভৱতী (২০১৭), ভোনাধি ওকাতে জিন্দেগী (২০১৭), নতাসৰ্বভোমা (২০১৯), ৰক্ষাসুদু (২০১৯) আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
কেৰালাৰ ত্ৰিচুৰ জিলাৰ ইৰিঞ্জালাকুডাত ১৯৯৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অনুপমা পৰমেশ্বৰনৰ জন্ম হয়৷ তেওঁৰ পিতৃ-মাতৃৰ নাম পৰমেশ্বৰন এৰেককাথ আৰু সুনীতা পৰমেশ্বৰন। তেওঁৰ সৰু ভায়েকৰ নাম অক্ষয়।৩৪ তেওঁ কেৰালাৰ চিএমএছ মহাবিদ্যালয় কোট্টায়ামত কমিউনিকেটিভ ইংৰাজীত মেজৰ লৈছিল আৰু মহাবিদ্যালয়ৰ শিক্ষা সাং নহওঁতেও তেওঁ অভিনয় অব্যাহত ৰাখিছিল৷৫
তথ্যসূত্ৰ
- ↑ (1 November 2021). Anupama Parameswaran shares her favourite scene with late Puneeth Rajkumar; says, "Appu sir, meet you on the other side". The Times of India
- ↑ (16 November 2021). Kurup: Tovino Thomas says 'Chacko was destined' to be played by him, Dulquer Salman calls it 'mother of all cameos'. The Indian Express
- ↑ Balach, Logesh. (18 February 2021). Anupama Parameswaran turns 25, fans wish her happy birthday. India Today
- ↑ Yellapantula, Suhas. (31 August 2020). This Onam, I wish that we can all be free of Covid-19 soon: Anupama Parameswaran. The Times of India
- ↑ (10 October 2015). ' I won't do anything out of my comfort zone'. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা পৰমেশ্বৰন” প্ৰবন্ধৰ সংশোধন ৩১৭৯২২ (২৯ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।