অম্ৰুতা (Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা ফিল্মফেয়াৰ বঁটা, আৰু এটা ফিল্মফেয়াৰ অ'টিটি বঁটা।[6][7]
কৰ্মজীৱন
সুভাষে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি আৰু ২০০৪ চনৰ ভাৰতৰ পৰা অস্কাৰৰ বিদেশী ভাষাৰ ছবিৰ আধিকাৰিক প্ৰৱিষ্টি লাভ কৰা শ্বাসৰ জৰিয়তে প্ৰথম অভিনয় কৰে।[8]
২০১৩ চনত মাৰাঠী ছবি আস্তুত[5] অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়। তেওঁ বিশ্বজুৰি বিভিন্ন বঁটা লাভ কৰা বহুতো সমালোচকৰ প্ৰশংসিত ছবিত অভিনয় কৰিছে [9][10]
তেওঁ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ধ্ৰুপদী গায়িকাও, যিয়ে বহু কেইখন মাৰাঠী ছবিত কণ্ঠদান কৰিছে।[11]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্ৰুতা সুভাষ” প্ৰবন্ধৰ সংশোধন ৪৯৯২৯৫ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।