মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প (Mur Priyo Pasta German Golpo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন অনুবাদ গল্প-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ ডাঃ দৈত্যাৰি দাস আৰু ডাঃ প্ৰিয়ম্বদা দাসলৈ আগবঢ়াইছে। ১
বিৱৰণ
কিতাপখনত পাঁচটা অনুবাদ গল্প আছে। সেইকেইটা হৈছে, 'ক্ৰাম্বামবুলি'(মেৰী ফন এবনাৰ-এশ্বেনবাখ), 'এজন অবিবাহিত ভদ্ৰলোকৰ মৃত্যু'(আৰ্থাৰ স্নিৎসলাৰ), 'কবিতা আৰু প্ৰেম'(মৰিৎস ফেইনমান), 'গোপন আশ্ৰয়'(হেৰমাণ্ড কেষ্টেন) আৰু 'যুদ্ধক্ষেত্ৰত ছক্ৰেটিছ'(বেৰ্টল্ট্ ব্ৰেখট্)।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
- আত্ম দীপো ভৱ
- কিতাপ পঢ়াৰ আনন্দ
- অন্তহীন প্ৰেৰণা
- উচ্চাকাংক্ষা
- মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
- অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (নৱেম্বৰ,২০১০). মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প” প্ৰবন্ধৰ সংশোধন ২৭৮৪৮২ (২৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।