সাক্ষাৎকাৰ ৩০ (Sakshyatkar 30) হৈছে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন,কৰ্ম আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে যুগুত কৰা এখনি সাক্ষাৎকাৰ-ভিত্তিক গ্ৰন্থ৷ বেদান্ত পূজাৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনৰ প্ৰকাশক হৈছে বনলতা৷
গ্ৰন্থৰ চমু পৰিচিতি
গ্ৰন্থখনত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ড০ দিলীপ বৰুৱালৈকে মুঠ ত্ৰিশটা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত হৈছে৷ সাক্ষাৎকাৰ সন্নিৱিষ্ট হোৱা অসমৰ বিশিষ্ট ব্যক্তিকেইগৰাকী হৈছে:১
- লক্ষ্মীনাথ বেজবৰুৱা
- বিষ্ণু ৰাভা
- ফণী শৰ্মা
- ড০ ভূপেন হাজৰিকা
- নৱকান্ত বৰুৱা
- অজিৎ বৰুৱা
- উমাকান্ত শৰ্মা
- ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
- হোমেন বৰগোহাঞি
- ড০ প্ৰফুল্ল দত্ত গোস্বামী
- ড০ হীৰেন গোঁহাই
- নীলমণি ফুকন
- ড০ মামণি ৰয়ছম গোস্বামী
- সৌৰভ কুমাৰ চলিহা
- অৰুণ শৰ্মা
- ড০ প্ৰণৱজ্যোতি ডেকা
- নলিনীধৰ ভট্টাচাৰ্য
- ড০ মহেশ্বৰ নেওগ
- যজ্ঞেশ্বৰ শৰ্মা
- শীলভদ্ৰ
- ড০ নগেন শইকীয়া
- জ্ঞান পূজাৰী
- শোভা ব্ৰহ্ম
- ড০ বীৰেন্দ্ৰনাথ দত্ত
- ৰাধিকামোহন ভাগৱতী
- ড০ অমলেন্দু গুহ
- অপূৰ্ব শৰ্মা
- ড০ কবীন ফুকন
- দেৱকান্ত বৰুৱা
- ড০ দিলীপ বৰুৱা
তথ্যসূত্ৰ
- ↑ পূজাৰী, বেদান্ত (সম্পাদনা). (২০২৩). সাক্ষাৎকাৰ ৩০. বনলতা. পৃ. সূচীপত্ৰ. ISBN ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাক্ষাৎকাৰ ৩০ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৬৩৭৮৮ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।