সৰ্বসমীক্ষা তত্ত্ব(Sarbasamiksha Tattva) হৈছে অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ সংকলন। কিতাপখনৰ লেখক হৈছে প্ৰৱালজ্যোতি ফুকন। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন শাখাই ২০২৩ চনত কিতাপখন প্ৰথম প্ৰকাশ কৰিছে। লেখকৰো এইখন প্ৰথম গ্ৰন্থ।১
বিৱৰণ
মুঠ সাতটা অধ্যায়ৰ কিতাপখনৰ আৰম্ভণিতে আছে প্ৰকাশন শাখাৰ টোকা, গ্ৰন্থ মালালা সম্পাদকৰ টোকা আৰু লেখকৰ একাষাৰ। লেখকৰ একাষাৰত লেখকে লিখিছে, "সৰ্বসমীক্ষা তত্ত্বৰ ইতিহাস যথেষ্ট দীঘলীয়া, ঘটনাবহুল আৰু বৰ্তমান পৰ্যন্ত আধৰুৱা।"১
লেখকৰ চমু পৰিচয়
গ্ৰন্থখনিৰ লেখক ড॰ প্ৰৱালজ্যোতি ফুকন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক। শিৱসাগৰ জিলাত জন্ম লাভ কৰা প্ৰৱালজ্যোতি ফুকনে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কটন মহাবিদ্যালয়(বৰ্তমানৰ কটন বিশ্ববিদ্যালয়)ৰ পৰা পদাৰ্থবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰৰ পৰা স্নাতকোত্তৰ-ডক্তৰেটৰ দ্বৈত ডিগ্ৰী লাভ কৰে। ড॰ ফুকনৰ গৱেষণাৰ ক্ষেত্ৰ হৈছে, ৰজ্জুতত্ত্ব, কৃষ্ণ গহ্বৰ আৰু Ads-CFT দ্বৈধতা।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ফুকন, প্ৰৱালজ্যোতি. (২০২৩). সৰ্বসমীক্ষা তত্ত্ব. ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন. ISBN 978-93-84819-24-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বসমীক্ষা তত্ত্ব (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫২৭৩৭০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।