অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্বপ্নময় চক্ৰৱৰ্তী

স্বপ্নময় চক্ৰৱৰ্তী (Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

স্বপ্নময় চক্ৰৱৰ্তী (Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হৈছে।

প্ৰাৰম্ভিক জীৱন

স্বপ্নময় চক্ৰৱৰ্তীৰ জন্ম উত্তৰ কলকাতাত।

সাহিত্য

স্বপ্নময় চক্ৰৱৰ্তীয়ে মূলতঃ বাংলা সাহিত্য জগতত চুটিগল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছে। অৱশ্য‍ে বহু উপন্যাস, প্ৰবন্ধ, স্তম্ভ লেখক হিচাপেও তেওঁৰ খ্যাতি আছে। ১৯৭২ চনত তেওঁৰ প্ৰথম গল্প ‘অমৃত’ আলোচনীত প্ৰকাশিত হয়। তেওঁৰ দ্বাৰা ৰচিত হলদে গোলাপ গ্ৰন্থখনে ২০১৫ চনত আনন্দ পুৰস্কাৰ লাভ কৰিছিল। এই উপন্যাসখন আচলতে সমকামী, তৃতীয় লিংগৰ মানুহ বিষয়ক গৱেষণামূলক উপন্যাস। ২০০৫ চনত স্বপ্নময় চক্ৰৱৰ্তীয়ে অবন্তীনগৰ উপন্যাসৰ বাবে বংকিম পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ মাণিক বন্দ্যোপাধ্যায় পুৰস্কাৰ, সৰ্বভাৰতীয় কথা পুৰস্কাৰ ইত্যাদিৰে‍ সম্মানিত হৈছে।

পুৰস্কাৰ

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বপ্নময় চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৫৭৬৪৪৪ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।