হিয়া হৈছে আৰবী ভাষা ভাষাত প্ৰকাশিত মাহেকীয়া মহিলা আলোচনী। আলোচনীখন ধনবান আৰু ব্যাৱসায়িক মহিলাসকলৰ খবৰ আৰু জীৱন-শৈলী সম্পৰ্কীয় বিষয়-বস্তুৰ ওপৰত কেন্দ্ৰীভূত।
ইতিহাস
১৯৯২ চনৰ আগষ্ট মাহত ৰিয়াধ চহৰত এই আলোচনীখনৰ আৰম্ভণি হৈছিল।১ হিয়া আলোচনী ছৌদি ৰিচাৰ্চ এণ্ড মাৰ্কেটিং গ্ৰুপ (SRMG)ৰ প্ৰকাশনসমূহৰ অন্যতম, যিয়ে ছাইদাতী, আল মাজল্লা, আল জামিলা, বাছিম, উৰ্দু মেগেজিন আদি আলোচনী আৰু আৰব নিউজ, আল ইকতিছাদিয়াহ, আশাৰ্ক আল আওচাট আদি বাতৰিকাকত প্ৰকাশ কৰে।২ হিয়াৰ প্ৰকাশক হৈছে ছাউদী ৰিচাৰ্চ এণ্ড পাব্লিশিং কোম্পানী (SRPC), যি SRMG-ৰ এটা সহযোগী প্ৰতিষ্ঠান।৩ ২০১৩ চনৰ জানুৱাৰীত মাই বাদৰ আলোচনীখনৰ মুখ্য সম্পাদক হিচাপে নিযুক্ত হৈছিল।৪৫ আদনান আলকাতেব হৈছে আলোচনীখনৰ সম্পাদকীয় পৰিচালক।
অডিট ব্যুৰো অফ চাৰ্কুলেচনৰ তথ্য অনুসৰি, ২০০৪ চনৰ জানুৱাৰী আৰু জুনৰ মাজত আলোচনীখনৰ বিতৰণ সংখ্যা আছিল ৪৩,৪২৪।৩
বিষয়-বস্তু
আলোচনীখনত বিলাসবহুল জীৱন-শৈলী, ফেশ্বন, সৌন্দৰ্য, গহনা, ভ্ৰমণ আৰু স্বাস্থ্য সম্পৰ্কীয় সংবাদ প্ৰকাশ পায়।১ লগতে, গুইনেথ পেলট্ৰো, ডোনা কাৰান, বাহৰেইনৰ প্ৰিন্সেছ দানা আল খলিফা, কিম কাৰ্ডেশিয়ান আদিৰ দৰে বিশিষ্ট ব্যক্তি আৰু চলচ্চিত্ৰ অভিনেত্ৰীসকলৰ সাক্ষাৎকাৰো প্ৰকাশ কৰে।৬৭ Ipsos-ৰ পৰিসংখ্যাত আলোচনীখনক ধনবান আৰব মহিলাসকলৰ মাজত শীৰ্ষ আলোচনী হিচাপে দেখুওৱা হৈছে।৮
তথ্যসূত্ৰ
- ↑ Hia magazine. Al Khaleejiah
- ↑ (March 2009). Medıa personalıty of the year; AMF honours Saudı Prınce Faısal. MEPA Monthly Bulletin
- ↑ Hia magazine. mediaME
- ↑ (5 January 2013). Aldakhil made MD of SRMG. Arab News
- ↑ Who we are. SRMG
- ↑ Kim Kardashian for Hia magazine. Lets Restycle
- ↑ Amethyst Tate. (17 January 2013). Kim Kardashian Covers Arab Magazine; Addresses Beyonce 'Feud' And Kris Humphries. International Business Times
- ↑ Saudi Arabia. Publicitas
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিয়া (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৬৯৮১৪ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।