অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)

বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Frenklin) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। প্ৰথমবাৰ ১৯৯৬ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে সত্যজিৎ ভূঞালৈ আগবঢ়াইছে।

হালনাগাদ: ২০ মে’ ২০২১ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Frenklin) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। প্ৰথমবাৰ ১৯৯৬ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে সত্যজিৎ ভূঞালৈ আগবঢ়াইছে।১

বিৱৰণ

কিতাপখনত ১৭টা প্ৰবন্ধত বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱন চৰিত্ৰ অংকন কৰিছে। প্ৰবন্ধকেইটা হ'ল, 'মুখবন্ধ','জন্ম আৰু ল'ৰাকাল','বেঞ্জামিনৰ আত্ম-শিক্ষাৰ আৰম্ভণি','সাংবাদিক বেঞ্জামিন','বষ্টনৰ পৰা ফিলাডেল্‌ফিয়ালৈ','ফিলাডেল্‌ফিয়াত বেঞ্জামিন','বেঞ্জামিনৰ বহুমুখী সাধনা','বেচেৰা ৰিচাৰ্ডৰ বৰ্ষপঞ্জী','বেঞ্জামিনৰ কৰ্মময় জীৱন','বৈজ্ঞানিক আৰু আৱিষ্কাৰক বেঞ্জামিন','আমেৰিকাৰ স্বাধীনতা','আমেৰিকাৰ স্বাধীনতা-যুদ্ধত বেঞ্জামিন ফ্ৰেংকলিনৰ ভূমিকা','বেঞ্জামিন ফ্ৰেংকলিনৰ আমেৰিকালৈ প্ৰত্যাৱৰ্তন আৰু মৃত্যু','বেঞ্জামিন ফ্ৰেংকলিনৰ সুবচনী','বেঞ্জামিন ফ্ৰেংকলিনৰ আত্ম-জীৱনীৰ এছোৱা','বেঞ্জামিন ফ্ৰেংকলিন আৰু তেওঁৰ বাত-বিষ' আৰু 'অসমীয়া ভাষাত বেঞ্জামিন ফ্ৰেংকলিন'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (জানুৱাৰী,১৯৯৬). বেঞ্জামিন ফ্ৰেংকলিন. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থজীৱনী গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৭৮১৬৭ (২০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।