বেজবৰুৱা অভিধান (Bezbaroa Abhidhan, ২੦১৯) হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ শব্দকোষৰ এখন বিশেষ সংকলন৷ গ্ৰন্থখনৰ সংকলক-সম্পাদক হ’ল কৰবী ডেকা হাজৰিকা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ২੦১৯ চনত গ্ৰন্থখন প্ৰকাশ কৰে৷১
বিষয়বস্তু
বেজবৰুৱা অভিধানত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীত ব্যৱহৃত প্ৰায় চাৰি হাজাৰ নশ শব্দৰ অৰ্থ আৰু প্ৰসংগ সন্নিৱিষ্ট হৈছে৷১ পাতনিত সংকলক-সম্পাদক কৰবী ডেকা হাজৰিকাই কৈছে-- “বেজবৰুৱা অভিধানৰ প্ৰকৃতি অসমত প্ৰচলিত আনবোৰ অভিধানতকৈ কিছু বেলেগ৷” এজন সাহিত্যিকৰ ৰচনাৱলীৰ ভিত্তিত যুগুতোৱা অভিধান এইখনেই অসমীয়া ভাষাত প্ৰথম বুলি গ্ৰন্থখনৰ আগকথাত নগেন শইকীয়াই উল্লেখ কৰিছে৷১
তথ্যসূত্ৰ
- ↑ বেজবৰুৱা অভিধান, কৰবী ডেকা হাজৰিকা, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২੦১৯, ISBN 978-93-84819-19-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেজবৰুৱা অভিধান” প্ৰবন্ধৰ সংশোধন ৪৯০৭৩৮ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।