ব্ৰহ্মপুত্ৰ (২੦১৮, ইংৰাজী: Brahmaputra) হ’ল ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অসমীয়া ভাষাত যোগেন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ‘জ্ঞান-বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ কৰে৷১
বিষয়বস্তু
ব্ৰহ্মপুত্ৰ পৃথিৱীৰ এখন অন্যতম বৃহৎ নদী৷১ তিব্বত, চীন আৰু ভাৰত এই তিনিখন দেশ ব্যাপী থকা ই এখন আন্তৰ্জাতিক নদী৷১ ই অসমৰ জনজীৱনৰ বাবে আয়ুসৰেখা স্বৰূপ৷১ ব্ৰহ্মপুত্ৰ গ্ৰন্থখনত লেখকে ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য, গতিপথ, নদীপ্ৰণালী, ইয়াৰ উপনৈসমূহ, ভূতত্ত্ব, ভূ-আকৃতি, ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ জলবায়ু, বান আৰু গৰাখহনীয়া, নদীপথ আৰু পৰিবহণ আদি বিভিন্ন দিশ সামৰি লৈছে৷ গ্ৰন্থখনত মুঠ বাৰটা অধ্যায় আছে৷১
লেখকৰ পৰিচয়
লেখক যোগেন্দ্ৰনাথ শৰ্মা এগৰাকী ভূতত্ত্ববিদ আৰু লোকবোধ্য বিজ্ঞানলেখক৷ অসমত নদীৰ বিজ্ঞানসন্মত অধ্যয়নৰ ক্ষেত্ৰখনত তেওঁ এটি সুপৰিচিত নাম৷১
তথ্যসূত্ৰ
- ↑ ব্ৰহ্মপুত্ৰ, যোগেন্দ্ৰনাথ শৰ্মা, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২੦১৮, পৃষ্ঠা ১৯২, ISBN 978-93-84819-13-2৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপুত্ৰ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৯০৭২৯ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।