অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা (গ্ৰন্থ)

মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা অসমীয়া ভাষাৰ সমালোচনামূলক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুনীন বৰকটকীৰ সমালোচনামূলক কিছু প্ৰবন্ধৰ একত্ৰ কৰি প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে নলিনীধৰ ভট্টাচাৰ্যই৷ প্ৰকাশক হৈছে-ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশকাল-ডিচেম্বৰ, ১৯৯৬৷ মূল্য ৫০ টকা৷ গ্ৰন্থখনত মুঠ ৬ টা…

হালনাগাদ: ৩ জুলাই ২০২২ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা অসমীয়া ভাষাৰ সমালোচনামূলক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুনীন বৰকটকীৰ সমালোচনামূলক কিছু প্ৰবন্ধৰ একত্ৰ কৰি প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে নলিনীধৰ ভট্টাচাৰ্যই৷ প্ৰকাশক হৈছে-ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশকাল-ডিচেম্বৰ, ১৯৯৬৷ মূল্য ৫০ টকা৷ গ্ৰন্থখনত মুঠ ৬ টা অধ্যায়ত প্ৰবন্ধবোৰ ভাগ কৰা হৈছে আৰু সমগ্ৰ গ্ৰন্থখনত মুঠ ৩৫ টা প্ৰবন্ধ আছে৷ ১ উল্লেখ্য যে মুনীন বৰকটকী আছিল অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে গল্প, কবিতা লিখিছে যদিও এজন সমালোচক হিচাবেহে তেওঁ পৰিচয় লাভ কৰিছে।২ বৰকটকীয়ে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল। বৰকটকী কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু অঁনাতাৰ বিভাগৰ উৰ্দ্ধতন বিষয়া হিচাবে কৰ্মৰত আছিল আৰু ১৯৬৫ চনৰপৰা ১৯৭০ চনলৈ তেখেতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' আৰু আকাশবাণীৰ বাৰ্তাবাহক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ৩

তথ্যসূত্ৰ

  1. ↑ মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা, -ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশকাল-ডিচেম্বৰ, ১৯৯৬
  2. ↑ পাতনি: হীৰেন গোহাঁই (প্ৰথম সংস্কৰণ, ২০১৪). প্ৰজ্ঞাৰ সাধক মুনীন বৰকটকী. হেমাংগ কিশোৰ শৰ্মা, আই এ এছ
  3. ↑ উপেন্দ্ৰ বৰকটকী (৬ নবেম্বৰ, ১৯৯৪). সংকলয়িতা-সম্পাদকৰ নিবেদন. মুনীন বৰকটকী স্মাৰক ন্যাস

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসমালোচনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩২৬২৬৯ (৩ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।