অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মোৰ জীৱনত ঈশ্বৰ

মোৰ জীৱনত ঈশ্বৰ(Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মোৰ জীৱনত ঈশ্বৰ(Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০১৮ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে নন্দন প্ৰতিম শৰ্মা বৰদলৈলৈ আগবঢ়াই এনেদৰে লিখিছে,"নন্দন, তুমি মোক উপহাৰ হিচাপে দিয়া এডাল অমূল্য ফাউণ্টেইন কলমৰ স্মৃতিত কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলোঁ"।১

বিৱৰণ

লেখক বৰগোহাঞিয়ে মোৰ জীৱনৰ ঈশ্বৰ নামৰ কিতাপখনত সূচীপত্ৰৰ আগতেই সংযোগ কৰিছে 'মোৰ জীৱনৰ ঈশ্বৰ' আৰু 'বেটুপাতৰ ছবি আৰু চিত্ৰকৰৰ পৰিচয়' শীৰ্ষক দুটি প্ৰবন্ধ।ইয়াৰে প্ৰথমটোত কিতাপখন ৰচনাৰ উদ্দেশ্যৰ অন্তৰালত থকা কিছু উত্তৰবিহীন প্ৰশ্নৰ অৱতাৰণা কৰিছে। কিতাপখনত ১৭ টা প্ৰবন্ধৰ লগতে ৭ টা বাছকবনিয়া অধ্যায় অতিৰিক্ত হিচাপে সংযোগ কৰিছে। ১ প্ৰবন্ধকেইটা হৈছে, 'অমৃতময় উপদেশ', 'মোৰ জীৱনত ঈশ্বৰ', 'মোৰ মৃত্যুৰ পিছত মোৰ কি হৈছিল', 'জীৱনৰ অৰ্থ', 'কোনো এটা প্ৰশ্নৰে উত্তৰ নাপালো', 'কিবা যেন নাই নাই', 'জীৱনৰ গতি মন্থৰ কৰক', 'মোৰ প্ৰেৰণাৰ উৎস', 'শৈশৱৰ দুটা স্মৃতি', 'নমৰালৈকে জীয়াই থাকিম', 'মোৰ হৃদয়ৰ আকাশত কেতিয়াও অস্ত নোযোৱা ৰঙা বেলিটো', 'উপহাৰ', 'মই আছিলো এজন ভণ্ড নিৰামিষভোজী', 'মোৰ ভোজন-বিলাস', 'কৰুণ স্মৃতি' আৰু 'মোৰ নিজৰ বিষয়ে এখন ৰচনা'। অতিৰিক্ত শিৰোনামেৰে যোগ দিয়া অধ্যায়কেইটা হৈছে, 'স্বাস্থ্যৰ বিষয়ে', 'ভাগৰৰ বিষয়ে', 'নিমখৰ বিষয়ে', 'কণীৰ বিষয়ে', 'মন', 'সুস্বাস্থ্যৰ কাৰণে নিৰামিষ আহাৰ' আৰু 'উদ্বিগ্নতা- মানুহৰ ডাঙৰ শত্ৰু'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. মোৰ জীৱনত ঈশ্বৰ. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰ জীৱনত ঈশ্বৰ” প্ৰবন্ধৰ সংশোধন ৫০৪০৩২ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।