অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাৰাংশ

সাৰাংশ (Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

সাৰাংশ (Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে জন্ম-সূত্ৰে বাঙালী আৰু কৰ্ম-সূত্ৰে অসমৰ বাহিৰত অসমীয়া সাহিত্যৰ প্ৰচাৰত ব্ৰতী বাসুদেৱ দাসৰ কৰকমলত আগবঢ়াইছে।১

বিৱৰণ

কিতাপখনত ১২ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,'জীৱ্ন', 'স্মৰণীয় মানুহ','জীৱনৰ পঢ়াশালী', 'স্মৃতি', 'ঈশ্বৰ', 'বাৰ্ধক্য', 'মৃত্যু', 'কিতাপ', 'সুখ-দুখ','সাধনা',' ৰোগ আৰু যন্ত্ৰণা', আৰু 'জীৱন নামৰ কিতাপখনৰ শেষ পৃষ্ঠা'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (নৱেম্বৰ,২০১৩). সাৰাংশ. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰাংশ” প্ৰবন্ধৰ সংশোধন ৩৯৫৫০৬ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।