ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসমীয়া জাতীয় অভিধান
অসমীয়া জাতীয় অভিধান (Asomia Jatiya Abhidhan) এখন একভাষিক, সামুদায়িক, বিজ্ঞানসন্মত, বিশ্বকোষীয় অভিধান। এই অভিধান একভাষিক; মুখ্য সম্পাদকে এঠাইত ইয়াৰ ব্যাখ্যা এনেদৰে দিছে,"অসমীয়া জাতীয় অভিধানখন একভাষিক, কাৰণ এতিয়ালৈকে প্ৰকাশিত প্ৰায়বোৰ অভিধানেই অন্ততঃ দ্বিভাষিক।
-
অসমীয়া ভাষাৰ মৌলিক বিচাৰ
অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি হৈছে দেবানন্দ ভৰালিৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯১২ চনত। গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ ১৯৯৬ চনত প্ৰকাশ কৰিছে লয়াৰ্ছ প্ৰকাশনে।
-
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস(Asomiya Madhyabitta Shreneer Itihaas) অসমৰ চিন্তাবিদ, ইতিহাসকাৰ, লেখক ড০ প্ৰফুল্ল মহন্তৰ দ্বাৰা লিখিত এখনি অ-কাহিনীমূলক, অসমৰ সামাজিক ইতিহাস সম্বন্ধীয় গ্ৰন্থ।
-
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা
অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা…
-
অসমীয়াত্বৰ জ্যোতি
অসমীয়াত্বৰ জ্যোতি(Asomiyatbr Jyoti) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৯ চনৰ অক্টোবৰ মাহত বনলতা প্ৰকাশনৰ পৰা এইখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২২০ টকা।
-
অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা
অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা(Asomiyaa Swavimaanor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা অসমীয়া স্বাভিমানৰ ৰূপৰেখা গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২৩০ টকা।
-
অসমৰ নদ-নদী (গ্ৰন্থ)
অসমৰ নদ-নদী (১৯৯৩, ইংৰাজী: Asamar Nad-Nadi) অসমৰ নদ-নদীৰ বিষয়ে এখন তথ্যসমৃদ্ধ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল যোগেন্দ্ৰনাথ শৰ্মা৷ ১৯৯৩ চনত গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে৷
-
আদি দশম
আদি দশম বা আদ্য দশম বা জনপ্ৰিয়ভাৱে দশম পুথিখন শংকৰদেৱ বিৰচিত এখন ধৰ্মীয় পুথি। ভাগৱতৰ দশম স্কন্ধৰ অসমীয়া ভাৱানুবাদ এই “আদি দশম’’ গ্ৰন্থ।
-
আন্তঃলিংগুৱা
ইন্টাৰলিংগুয়া হৈছে এক আন্তৰ্জাতিক সহায়ক ভাষা (IAL) যিটো ১৯৩৭ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত আমেৰিকান আন্তৰ্জাতিক সহায়ক ভাষা সংস্থাই (IALA) বিকশিত কৰিছিল। ই আটাইতকৈ বেছি ব্যৱহৃত আই এ এল সমূহৰ ভিতৰত স্থান লাভ কৰে আৰু ই আটাইতকৈ বেছি ব্যৱহৃত প্ৰাকৃতিকতাবাদী আই এ এল – অৰ্থাৎ, সেই আই এ এল সমূহ যাৰ…
-
আন্ধাৰত নিজৰ মুখ
আন্ধাৰত নিজৰ মুখ (Andharot Nijor Mukh) হৈছে অসমৰ সাহিত্যিক, ভাষাবিদ, সমালোচক, ড॰ নগেন শইকীয়াৰ গল্প সংকলন। সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল।
-
আলি বাবা আৰু চল্লিশটা চোৰ
আলি বাবা আৰু চল্লিশটা চোৰ (علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল।
-
আৱেগৰ কুঁৱলী ফালি
আৱেগৰ কুঁৱলী ফালি(Aabegor kuoli Faali) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ কৰা কিতাপখনত লেখকে তেওঁৰ মোমায়েক-মামীয়েকলৈ অৰ্পণ কৰি লিখিছে, "মোৰ মামা-মামী হেমন্ত কুমাৰ বৈদ্য আৰু অৰুন্ধতী বৈদ্যৰ হাতত শ্ৰদ্ধা আৰু…
-
ইবন খালদুন
ইবন খালদুন (আৰবী: ابن خلدون, পূৰ্ণ নাম: আবু জাইদ আব্দ আৰ-ৰাহমান ইবন মহম্মদ ইবন খালদুন আল-হাদৰামী) (জন্ম: ২৭ মে ১৩৩২ – মৃত্যু: ১৭ মাৰ্চ ১৪০৬) এগৰাকী প্ৰসিদ্ধ আৰব দাৰ্শনিক, ইতিহাসবিদ, সমাজ বিজ্ঞানী, ৰাজনৈতিক চিন্তাবিদ আৰু অধ্যাপক আছিল।
-
ইলিয়াদ (অসমীয়া গ্ৰন্থ)
ইলিয়াদ হৈছে প্ৰদীপ শইকীয়াৰ দ্বাৰা অসমীয়ালৈ অনূদিত হোমাৰৰ 'দ্যা ইলিয়াদ' মহাকাব্যৰ কাহিনীৰ পুনৰ কথন। ২০১৩ চনৰ মে মাহত এই গ্ৰন্থখনক প্ৰকাশ কৰে বনলতা প্ৰকাশনে।
-
ইৰুলা ভাষা
ইৰুলা (থলুৱাভাৱে: ër̠la/ïr̠la, ) হৈছে এটা দ্ৰাবিড়ীয় ভাষা। ভাৰতৰ তামিলনাডু, কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ নীলগিৰি অঞ্চলত বাস কৰা ইৰুলা জনগোষ্ঠীৰ লোকে এই ভাষা কয়। এই ভাষা তামিল ভাষাৰ অতি ঘনিষ্ঠ। ইয়াৰ বাবে তামিল লিপি ব্যৱহাৰ কৰা হয়।
-
উপন্যাসিকা
উপন্যাসিকা (Novella) হৈছে এক আখ্যানমূলক গদ্য কল্পকাহিনী যাৰ দৈৰ্ঘ্য প্ৰায়বোৰ উপন্যাসতকৈ কম, কিন্তু বেছিভাগ চুটিগল্পতকৈ দীঘল। উপন্যাসিকাৰ ইংৰাজী শব্দ novella ইটালীয় novellaৰ পৰা আহিছে যাৰ অৰ্থ সত্য (বা আপাত দৃষ্টিত তেনেকুৱা) তথ্যৰ সৈতে জড়িত এটা চুটিগল্প।
-
এ ছং অফ আইচ এণ্ড ফায়াৰ
এ ছং অফ আইচ এণ্ড ফায়াৰ (A Song of Ice and Fire) হৈছে আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা। তেওঁ ১৯৯১ চনত শৃংখলাটোৰ প্ৰথম খণ্ড এ গেম অফ থ্ৰোনছ আৰম্ভ কৰে আৰু এই খণ্ডটো ১৯৯৬ চনত প্ৰকাশ পায়।
-
এছিড (উপন্যাস)
এছিড ভাৰতীয় ছাইকেডেলিক ধাৰাৰ উপন্যাস, যি সঙ্গীতা শ্ৰীনিবাসনে লিখিছে। মূলতঃ মালয়ালম ভাষাত ৰচিত এই গ্ৰন্থখন লেখিকাই নিজেই ইংৰাজীলৈ অনুবাদ কৰে। এইখন তেওঁৰ তৃতীয় উপন্যাস।
-
এণ্ড হু ৱিল মেইক দ্য চাপাতিচ?
এণ্ড হু ৱিল মেইক দ্য চাপাতিচ? ভাৰতৰ মহাৰাষ্ট্ৰত গঠন হোৱা সৰ্বমহিলা ৰাজনৈতিক পঞ্চায়তসমূহৰ এক আভাস, য'ত ২০ শতিকাৰ শেষৰ ফালে নীতি পৰিৱৰ্তনে মহিলাসকলৰ বাবে স্থানীয়, গ্ৰাম্য চৰকাৰত স্পষ্টভাৱে স্থান সৃষ্টি কৰিছিল আৰু তেওঁলোকৰ শাসকীয় সংস্থাসমূহক ধন আৰু কিছুমান স্থানীয় কামৰ তদাৰকীৰ দায়িত্ব দিছিল।
-
এহাত ডাবা
এহাত ডাবা (Ehat Daba) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখন গল্প সংকলন। ১৯৭২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই গ্ৰন্থখনত মুঠ তেৰটা গল্প সন্নিৱিষ্ট হৈছে। এহাত ডাবা সংকলনটিৰ অন্তিমটো গল্প। চলিহাৰ এই গল্পসমূহ ১৯৬২ চনৰ পৰা ১৯৭১ পৰ্যন্ত অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছিল।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।
-
কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত
কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (Congressor Kanciali Rodat) হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে।
-
কপালত জোনাক থকা ল’ৰাটো
দ্য বয় উইথ এ মুন অন হিজ ফ'ৰহেড হৈছে মাইভে ষ্ট'কছ আৰু লাল বেহাৰী দেৰ দ্বাৰা সংগ্ৰহ কৰা বাংলা লোককথা৷ এই কাহিনীবোৰে এনে কাহিনীক বুজায় য’ত এগৰাকী ছোৱালীয়ে ৰজাক আচৰিত ধৰণৰ সন্তান বা সন্তান জন্ম দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁৰ ঈৰ্ষাপৰায়ণ আত্মীয় বা ৰজাৰ পত্নীয়ে কেঁচুৱা আৰু তেওঁলোকৰ মাকৰ…
-
কলকাতা গ্ৰন্থমেলা
আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা (পূৰ্বতে কলিকতা গ্ৰন্থমেলা) হৈছে কলকাতাৰ শীতকালীন মেলা। এই গ্ৰন্থমেলাখন পাইকাৰী বিতৰকতকৈ মূলতঃ সাধাৰণ জনতাৰ বাবেহে। ই বিশ্বৰ সৰ্ববৃহৎ অবাণিজ্যিক গ্ৰন্থমেলা আৰু প্ৰকাশকৰ দ্বাৰা আয়োজিত এছিয়াৰ সৰ্ববৃহৎ গ্ৰন্থমেলা বিশেষকৈ সৰ্বাধিক পঢ়ুৱৈ উপস্থিত থকা গ্ৰন্থমেলা।
-
কলা বীক্ষণ
কলা বীক্ষণ অসমৰ বৰেণ্য শিল্পী আৰু শিল্পকৰ্মৰ জিলিঙনি (Kala Bikhyan) হৈছে অসমৰআধুনিক চাক্ষুস কলাৰ সৈতে জড়িত ৩৪ গৰাকী শিল্পীৰ সৃজনশিল্প আৰু জীৱন বিষয়ক গ্ৰন্থ। কিতাপখন লেখিছে অসমৰ এগৰাকী প্ৰথিতযশা কলা সমালোচক মৌচুমী কন্দলীয়ে। কিতাপখন বান্ধৱে প্ৰকাশ কৰিছে আৰু প্ৰচ্ছদ আঁকিছে ড° সঞ্জীৱ বৰাই।
-
কা মেইখাৰ ঘৰ
কা মেইখাৰ ঘৰ হৈছে তিলোত্তমা মিশ্ৰৰ দ্বাৰা ৰচিত এক অসমীয়া উপন্যাস। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ শ্বিলং চহৰৰ বিচিত্ৰ সামাজিক-ৰাজনৈতিক জীৱনৰ পটভূমিত উপন্যাসখন ৰচিত হৈছে। কা মেইখাৰ ঘৰৰ অসমীয়া প্ৰতিশব্দ হ'ব আইতাৰ ঘৰ।
-
কাঠ হোৱা চকুলোৰ গান
কাঠ হোৱা চকুলোৰ গান হৈছে ড° মৃণাল কলিতাই ৰচনা কৰা তিনিখন উপন্যাসিকাৰ সংকলন। গ্ৰন্থখন ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ পায়। উপন্যাসিকা তিনিখন যথাক্ৰমে "চিঞৰবোৰ", "লাভ ইন দা টাইম অব্ এপছ্"(love in the time of apps) আৰু "যুঁজ"।
-
কাল (ইংৰাজী ব্যাকৰণ)
Verb বা ক্ৰিয়াৰ সময়কেই Tense বা কাল বোলা হয়। Tense তিনপ্ৰকাৰৰ — Present Tense (বৰ্তমান কাল) Past Tense (অতীত কাল) Future Tense (ভৱিষ্যত কাল)
-
কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট
কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট গ্ৰন্থখনৰ লেখক মৌলানা তৈয়বউল্লা৷ গ্ৰন্থখনত লেখকে ১৯৪১ চনৰ যুদ্ধ-বিৰোধী সত্যাগ্ৰহত বৰভেটা জেলৰপৰা নিজৰ সন্তানলৈ লিখা ৫০ খন চিঠিৰ একত্ৰ সংকলন কৰা হৈছে৷ গ্ৰন্থখনত সন্নিৱিষ্ট চিঠিখিনি লেখকে ১৯৪২ চনৰপৰা ১৯৪৫ চনৰ ভিতৰত লিখা যদিও গ্ৰন্থৰূপত চিঠিখিনি প্ৰকাশ হয় ১৯৬২ চনত৷…