অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা(Asomiyaa Swavimaanor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা অসমীয়া স্বাভিমানৰ ৰূপৰেখা গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২৩০ টকা। লেখকে গ্ৰন্থখন বিশেষভাৱে আগবঢ়াই এনেদৰে লিখিছে, "বুকুত অসীম সাহস আৰু মনত বহু আশা লৈ নিষ্ঠা-সততাৰে যিসকল অখ্যাত লোকে নীৰৱে জাতিটোৰ স্বাভিমান বৃদ্ধিৰ কামত নিমগ্ন হৈ আছে, তেওঁলোকৰ হাতত তুলি দিলোঁ মোৰ এই গ্ৰন্থ..."। ১
বিৱৰণ
কিতাপখন লিখিবলৈ লোৱাৰ উদ্দেশ্য উল্লেখ কৰি লেখকে প্ৰাক্কথনত লিখিছে,"এজন সাধাৰণ অসমীয়া হিচাপে নিজে নিজকে প্ৰশ্ন কৰিছোঁ। প্ৰশ্নটো পোনপটীয়া। ভয় খাই বা বিৰক্ত হৈ ময়ো সেই মধ্যবিত্ত অসমীয়াৰ মিছিলত এদিন হেৰাই যাম নেকি? মই জানো সেই মিছিলটোৱে অনাগত ভৱিষ্যতে অসমীয়াৰ স্বাভিমানক লৈ এটা বিৰূপ মন্তব্যই কৰিব। যিধৰণৰ মন্তব্য অতীতৰ কেতবোৰ আন্দোলনৰ বিষয়ে বৰ্তমান সময়ত বহু অসমীয়া মানুহৰ মুখত শুনা যায়। মূলতঃ 'অসমীয়া স্বাভিমান' শব্দযুগলক শ্লোগান হোৱাৰ পৰা ৰক্ষা কৰি ইয়াৰ মাজত নিহিত হৈ থকা মৰ্মবস্তুটো উলিয়াই অনাহে মোৰ লক্ষ্য। মই জানো মোৰ বৌদ্ধিক সীমাবদ্ধতাৰ কথা, লগতে জানো অগভীৰ জ্ঞান-অভিজ্ঞতাৰ কথাবোৰো। তথাপিও কোনোবাই কেতিয়াবা এইটো কাম কৰিব লাগিব বুলি ভাবিয়েই আগবাঢ়িছোঁ।" কিতাপখন দুটা অংশত বিভক্ত। ১
প্ৰথম অংশত থকা অধ্যায়সমূহ কোনো কাকত আলোচনীত প্ৰকাশিত নহয়। লেখকৰ ভাষাত, "'অসমীয়া স্বাভিমানৰ ৰূপৰেখা' বুলি ক'লে মোৰ মন'মননলৈ যি ছবি ভাহি আহে, তাকে কিছু প্ৰণালীবদ্ধকৈ পোন্ধৰটা অধ্যায়ত ভাগ কৰি লৈছোঁ।" ১ প্ৰথম অংশৰ অধ্যায়সমূহ হ'ল-
- স্বাভিমান সন্ধানৰ আঁৰৰ কিছু কথা
- ঐতিহাসিক যুগৰ আৰম্ভণিতে ফুটি উঠা স্বকীয়তা
- চুতীয়া আৰু আহোম ৰাজত্ব কালৰ অসমীয়া স্বাভিমানৰ তিৰবিৰণি
- ইছলাম আৰু শিখ ধৰ্মাৱলম্বী লোকৰ আগমন
- জনজাতীয় লোকসকল আমাৰ কিমান আপোন
- কমতাপুৰ, কোঁচৰাজ্য আৰু ভূঞাসকল
- স্বাভিমান বৃদ্ধিত কেইটামান অৱহেলিত জাতিৰ ভূমিকা
- জাতিৰ স্বাভিমান বৃদ্ধিত শংকৰদেৱৰ অনন্যতা
- মাধৱদেৱ আৰু তেওঁৰ উত্তৰসূৰীসকল
- সাম্ৰাজ্যবাদবিৰোধী সংগ্ৰামৰ মাজেদি অসমীয়াৰ স্বাভিমান
- লক্ষ্মীনাথ বেজবৰুৱা আৰু অন্যান্য সকলৰ ব্যতিক্ৰমী চিন্তা
- পূৰ্বৰ স্বাভিমানী ৰাজনীতিকসকলৰ চিন্তা-চেতনা
- অসমীয়া স্বাভিমানৰ চাৰিটা উজ্জ্বল জ্যোতি
দ্বিতীয় অংশত বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ত্ৰিশটা প্ৰবন্ধ আছে। ১সেই প্ৰবন্ধসমূহ হ'ল-
- ইতিহাসলভ্য শিক্ষা আৰু অসমীয়া জাতি
- মই অসমীয়া নে হিন্দু
- কিমান উজ্জ্বল অসমীয়াৰ ভৱিষ্যৎ
- কৃষিক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জাতি ৰক্ষা
- শংকৰদেৱৰ প্ৰতি চৰকাৰৰ শ্ৰদ্ধা কিমান
- চিন্তাবিমুখিতাৰ পৰা চিন্তাবিৰোধিতালৈ
- অসমীয়াৰ মৰ্মস্থলত ছাৰ্জিকেল ষ্ট্ৰাইক
- জ্যোতিপ্ৰসাদ- উদাৰ জাতীয়তাবাদৰ জ্যোতি
- সাধাৰণ হৈও যিবোৰ কথা অসাধাৰণ
- শ্ৰীমন্ত ফাউণ্ডেশ্বনৰ আলোকময় যাত্ৰাৰ অগ্ৰগতি
- এখন কলেজ আৰু এয়াৰপ'টৰ এজন বিষয়া
- ইন্দিৰা গান্ধী- ভাল নে বেয়া
- অলপ প্ৰেম, এজন উপাচাৰ্য আৰু এজন মুখ্যমন্ত্ৰী
- ব্যক্তিগত অভিমানৰ পৰা জাতিৰ স্বাভিমানলৈ
- আৰু পৱিত্ৰ নকৰিবা
- কি দিব পাৰে যোৰহাটে
- গোলাঘাটৰ নৱপ্ৰজন্মই কিয় নোৱাৰিব
- এজন যুৱলেখকৰ আশা আৰু এখন টোকাবহী
- মন্দিৰ আৰু নামঘৰ
- মোদীয়ে মোহাচ্ছন্ন কৰিলে নেকি দেৱ চৌধুৰীক
- মাজুলীয়ে পাৰিবনে নোৱাৰে
- বজালীত মেলিবনে গজালি
- এটি শিশু, এজন পুৰোহিত আৰু এটা অনুষ্ঠান
- এজন কৃতবিদ্য পণ্ডিতৰ বৌদ্ধিক কৃপণালিৰ বিৰুদ্ধে
- ক্ৰমাৎ নিঃশেষ হ'ব ধৰিছে নেকি মুক্ত চিন্তাৰ পৰিৱেশ
- ঢকুৱাখানাৰ সোণোৱালী ৰংবোৰ
- ড° হীৰেন গোহাঁই সমীপেষু
- কিছু হীৰুদাৰ স্মৃতি, কিছু তৰুণ গগৈৰ কথা
- প্ৰবাস, প্ৰযুক্তি আৰু প্ৰমূল্য
- জাতিৰ গৌৰৱ আৰু অসমীয়া নাৰী
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (ডিচেম্বৰ,২০১৭). অসমীয়া স্বাভিমানৰ ৰূপৰেখা. বনলতা. ISBN 978-93-82056-60-7
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা” প্ৰবন্ধৰ সংশোধন ২৯৮৮৬৬ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।