অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমৰ নদ-নদী (গ্ৰন্থ)

অসমৰ নদ-নদী (১৯৯৩, ইংৰাজী: Asamar Nad-Nadi) অসমৰ নদ-নদীৰ বিষয়ে এখন তথ্যসমৃদ্ধ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল যোগেন্দ্ৰনাথ শৰ্মা৷ ১৯৯৩ চনত গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে৷

হালনাগাদ: ১১ মাৰ্চ ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

অসমৰ নদ-নদী (১৯৯৩, ইংৰাজী: Asamar Nad-Nadi) অসমৰ নদ-নদীৰ বিষয়ে এখন তথ্যসমৃদ্ধ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল যোগেন্দ্ৰনাথ শৰ্মা৷ ১৯৯৩ চনত গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে৷১

বিষয়বস্তু

গ্ৰন্থখনত অসমৰ মাজেৰে প্ৰৱাহিত নদ-নদীসমূহৰ উৎপত্তি, গতিপথ আৰু লগতে সামাজিক-সাংস্কৃতিক ইতিহাসৰ বিজ্ঞানসন্মত বিৱৰণ সন্নিৱিষ্ট হৈছে৷ নদ-নদীৰ উপৰি বিল আৰু জলাহবোৰৰো বিৱৰণ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ লেখকে আগকথাত কৈছে:

“অসমত সকলো প্ৰকাৰৰ নৈ পোৱা যায়৷ নদীসমূহৰ কাৰিকৰি তথা বিজ্ঞানসন্মত গৱেষণাৰ বাবে অসমখন সৰ্বোৎকৃষ্ট প্ৰাকৃতিক কৰ্মশালা৷”১

লেখকৰ পৰিচয়

লেখক যোগেন্দ্ৰনাথ শৰ্মা এগৰাকী ভূতত্ত্ববিদ আৰু লোকবোধ্য বিজ্ঞানলেখক৷ অসমত নদীৰ বিজ্ঞানসন্মত অধ্যয়নৰ ক্ষেত্ৰখনত তেওঁ এটি সুপৰিচিত নাম৷ গ্ৰন্থখন ৰচনাৰ সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদল্যায়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল৷১

প্ৰকাশন ইতিহাস

অসমৰ নদ-নদী গ্ৰন্থখন ১৯৯৩ চনৰ জানুৱাৰী মাহত অসম সাহিত্য সভাই প্ৰকাশ কৰে৷ প্ৰকাশক আছিল অসম সাহিত্য সভাৰ সেই সময়ৰ প্ৰধান সম্পাদক ৰামচৰণ ঠাকুৰীয়া৷ প্ৰথম সংস্কৰণৰ বেটুপাত অংকন কৰিছিল ধনঞ্জয় শৰ্মাই৷১ ২੦১৪ চনত গুৱাহাটীৰ অন্বেষা নামৰ প্ৰকাশনটোৱে গ্ৰন্থখনৰ এটি পৰিৱৰ্ধিত সংস্কৰণ কৰে৷ পৰৱৰ্তী সময়ত কিৰণ প্ৰকাশনেও গ্ৰন্থখনৰ এটা সংস্কৰণ প্ৰকাশ কৰে৷

তথ্যসূত্ৰ

  1. ↑ অসমৰ নদ-নদী, যোগেন্দ্ৰনাথ শৰ্মা, ১৯৯৩, অসম সাহিত্য সভা, পকাবন্ধা, পৃষ্ঠা ৩৩৬৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থপোখালি (অসম)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ নদ-নদী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৯০৭২৭ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।