অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আন্ধাৰত নিজৰ মুখ

আন্ধাৰত নিজৰ মুখ (Andharot Nijor Mukh) হৈছে অসমৰ সাহিত্যিক, ভাষাবিদ, সমালোচক, ড॰ নগেন শইকীয়াৰ গল্প সংকলন। সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আন্ধাৰত নিজৰ মুখ (Andharot Nijor Mukh) হৈছে অসমৰ সাহিত্যিক, ভাষাবিদ, সমালোচক, ড॰ নগেন শইকীয়াৰ গল্প সংকলন। সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১২

গ্ৰন্থকাৰৰ চমু পৰিচিতি

মূল প্ৰবন্ধ: নগেন শইকীয়া

নগেন শইকীয়া (জন্ম:১৯৩৯ -) হৈছে এগৰাকী অসমীয়া বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, তথা সমালোচক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেত সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য (১৯৭৫-৮৫, ১৯৯৩-৯৮, ২০০৩-০৮), ভাৰতীয় লেখক সংঘৰ সদস্য (১৯৭৪), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য (১৯৮৬-৯১), নাটকমৰ সভাপতি (১৯৬৬-৬৮), ৰাজ্যিক সংহতি পৰিষদৰ সভাপতি (১৯৮৭-৯০), শিশু ভাৰতীৰ সভাপতি (১৯৮৭-২০০১), শংকৰী সংগীত বিদ্যাপীঠৰ সভাপতি (১৯৯৭)।

গ্ৰন্থৰ চমু বিৱৰণ

বিশেষ গ্ৰন্থখনত বিশটা ভিন্নধৰ্মী চুটি গল্প সন্নিৱিষ্ট হৈছে। গল্পসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম খণ্ডত ছটা, দ্বিতীয়তে চাৰিটা, তৃতীয় আৰু চতুৰ্থ খণ্ডত পাঁচটা গল্প অন্তৰ্ভুক্ত হৈছে। আন্ধাৰত নিজৰ মুখ হৈছে গল্প সংকলনখনৰ অন্তিমটো গল্প। গল্পকেইটা হৈছে- মজিদ ছাৰ ঢুকাল, কেৰ' চাহাবৰ মেম, মাখনী নহয়তো, মুখাৰ পিছফালে, মৃত্যুৰ উত্তাপ, অসময়, কুঁৱলী আৰু জোন, লাজ লাগি গ'ল, জোনাকীৰ জুই, গলব্ৰেইখ চাহাবৰ ফিতা, কাঠ-সংস্কাৰ, চহৰৰ মন, ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি, বিমূঢ়-বিমূঢ়, যৌৱন, অন্তিম অপেক্ষা, এটা আকাংক্ষিত শব্দৰ প্ৰতীক্ষাত, বিভ্ৰান্ত সংলাপ, মোক শুবলৈ দিয়া, আৰু অন্ধাৰত নিজৰ মুখ।২

বঁটা-সন্মান

গল্প-সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  2. ↑ Andharat Nijor Mukh ( আন্ধাৰত নিজৰ মুখ )

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্ধাৰত নিজৰ মুখ” প্ৰবন্ধৰ সংশোধন ২৫০৩৫৪ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।