অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫০৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল। তাৰে কোনো কোনো ভাষা স্থানীয়, কোনো কোনো উপনিবেশ স্থাপনকাৰীয়ে অনা আৰু কোনো আন আন প্ৰব্ৰজনকাৰীয়ে অনা। আন হাতে মিশ্ৰভাষা, দোৱানৰপৰা আদি কৰি চিহ্ন ভাষালকে কেইবাটাও ভাষা যুক্তৰাষ্ট্ৰতে বিকশিত। প্ৰায় ৪৩০ ভাষা এই দেশত কথিত বা আনুষ্ঠানিকভাৱে জনসংখ্যাই কোৱা বুলি মান্য, যাৰ ১৭৬টা আমেৰিকাৰ খিলঞ্জীয়াৰ ভাষা। দেশৰ সীমাৰ ভিতৰত পূৰ্বতে কথিত ৫২টা ভাষা লুপ্ত হ'ল।১

আমেৰিকান কমিউনিটি চাৰ্ভে'

আমেৰিকান কমিউনিটি চাৰ্ভে'ৰ বাৰ্ষিক তথ্য ব্যৱহাৰ কৰি ইউ এছ চেঞ্চাচ ব্যুৰ'ৱে নিয়মীয়াকৈ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ তথ্য প্ৰকাশ কৰে। ই ঘৰত আন ভাষা ব্যৱহাৰ কৰা লোকসকলৰ ইংৰাজী কোৱাৰ সামৰ্থ্যও জোখে।২ ২০১৫ত এই সংস্থাই ৩৫০ৰো অধিক ভাষাৰ ব্যৱহাৰকাৰীৰ তথ্য প্ৰকাশ কৰিলে ২০০৯ৰপৰা ২০১৩ লৈকে,৩৪ কিন্তু সকলো সময়ত এই সংখ্যক ভাষাৰ তথ্য উপলব্ধ নহয়।

ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা

Language Spoken at Home (U.S. Census Bureau, American Community Survey 2016)৫৬
ListEnglish only 229,673,150, Spanish 40,489,813, Chinese 3,372,930, Tagalog 1,701,960, Vietnamese 1,509,994, Arabic 1,231,098, French 1,216,668, Korean 1,088,788, Russian 909,374, German 905,691, Haitian Creole 856,009, হিন্দী ভাষা 810,877, Portuguese 767,210, Italian 576,154, Polish 539,151, উৰ্দু ভাষা 474,481, Japanese 464,535, Persian 438,448, Gujarati 407,520, Telugu 365,566, Bengali 324,008, Tai–Kadai 307,442, Greek 288,255, Punjabi 287,491, Tamil 273,332, Armenian 237,550, Serbo-Croatian 236,761, Hebrew 225,147, Hmong 224,133, Bantu 223,334, Khmer 203,115, Navajo 163,784, other Indo-European languages 578,492, other Afro-Asiatic languages 521,932, other Niger–Congo languages 515,629, other West Germanic languages 487,675, other Austronesian languages 467,718, other Indic languages 409,631, other languages of Asia 384,154, other Slavic languages 338,644, other Dravidian languages 241,678, other languages of North America 195,550, other and unspecified languages 258,257

২০১৬ত আমেৰিকাত ৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ লোকৰ দ্বাৰা কথিত ভাষাসমূহৰ তালিকা। বৰ্তমানৰ তথ্য factfinder.census.gov/faces/nav/jsf/pages/index. ত উপলব্ধ:

  1. কেৱল ইংৰাজী 229.7 million
  2. স্পেনীছ 40.5 million
  3. চীনা (মাণ্ডাৰিন আৰু কেণ্ট'নিজ মিলাই) 3.4 million
  4. টাগালগ (ফিলিপিন' মিলাই) 1.7 million
  5. ভিয়েটনামিজ 1.5 million
  6. আৰবী 1.2 million
  7. ফৰাছী 1.2 million
  8. কোৰীয় 1.1 million
  9. ৰুছ 0.91 million
  10. জাৰ্মান 0.91 million
  11. হাইটিয়ান দোৱান 0.86 million
  12. হিন্দী 0.81 million
  13. পৰ্টুগীজ 0.77 million
  14. ইটালীয় 0.58 million
  15. প'লিচ 0.54 million
  16. উৰ্দু 0.47 million
  17. জাপানী 0.46 million
  18. পাৰ্চিয়ান (ফাৰ্চী আৰু দাৰী মিলাই) 0.44 million
  19. গুজৰাটী 0.41 million
  20. তেলেগু 0.37 million
  21. বঙালী 0.32 million
  22. তাই-কাদাই (থাই আৰু লাও মিলাই) 0.31 million
  23. গ্ৰীক 0.29 million
  24. পঞ্জাবী 0.29 million
  25. তামিল 0.27 million
  26. আৰ্মেনীয় 0.24 million
  27. চাৰ্ব'-ক্ৰ'চিয়ান (বস্নিয়ান, ক্ৰ'চিয়ান, মণ্টেনেগ্ৰিন আৰু চাৰ্বিয়ান মিলাই) 0.24 million
  28. হিব্ৰিউ 0.23 million
  29. মং 0.22 million
  30. বাণ্টু (স্বাহিলি মিলাই) 0.22 million
  31. খমেৰ 0.20 million
  32. নাভাহ' 0.16 million

এচইএছৰ পদ্ধতি

এচিএছ এক পূৰ্ণ জনগণনা নহয়, এক জৰিপহে। তিনি অংশ থকা প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিত্তি কৰি এক উদ্দেশ্যিত গোটৰপৰা তথ্য গ্ৰহণ কৰা হয়। প্ৰথমে প্ৰশ্ন কৰা হয় "ঘৰত কোনোৱে ইংৰাজীৰ বাহিৰে অন্য ভাষা কয়নে?" তাৰ পাছত ঘৰৰ মুৰব্বীক সেই ভাষাসমূহৰ নাম ক'বলৈ কোৱা হয় আৰু ঘৰৰ কোনশ্ন সদস্যই সেই ভাষা কয়। তাৰ পাছত প্ৰত্যেকজন সদস্যৰ ইংৰাজী কোৱাত নৈপুণ্য সোধা হয়। উল্লেখযোগ্য যে আন ভাষাত নৈপুণ্য সোধা নহয়, সেয়েহে হয়টো ইংৰাজীৰ বাহিৰে অন্য যি ভাষা উল্লেখ কৰা হয়, সেই ভাষা ঘৰৰ কোনো সদস্যই কোনোমতেহে ক'ব পাৰে।৭ তদুপৰি এক ঐতিহাসিক দৃষ্টিভংগীৰে তুলনা কৰা কঠিন কাৰণ যুক্তৰাষ্ট্ৰত ভাষা-জৰিপৰ পদ্ধতি কেইবাবাৰো সলনি হৈছে।

আমেৰিকান চিহ্ন ভাষাৰ প্ৰয়োগৰ কোনো তথ্য এচিএছত গ্ৰহণ কৰা নহয়। সেয়ে এনে তথ্য আন সূত্ৰৰপৰা গ্ৰহণ কৰা হয়। আধুনিক অনুমান অনুযায়ী ১৯৭২ত প্ৰায় ৫০০০০০ আমেৰিকানে আৰু ২০১১ত ১০০০০০ আমেৰিকানে চিহ্ন ভাষা প্ৰয়োগ কৰিছিল।

চিহ্ন ভাষা

প্ৰাকৃতিকভাৱে বিকশিত হোৱাৰ বাবে আমেৰিকান চিহ্ন ভাষাৰ ইংৰাজীৰ সৈতে বিশেষ সাদৃশ্য নাই। .৮ কিছুমান ভাষা প্ৰথমতে বাণিজ্যৰ মিশ্ৰভাষা হিচাপে বিকশিত হৈছিল, পিচে বৰ্তমানে পূৰ্ণ ভাষাৰ ৰূপ লভিলে যিহেতু অনেক শিশুৱে প্ৰথম ভাষা ৰূপে তাকেই শিকিছিল।

আমেৰিকান চিহ্ন ভাষা এক আমেৰিকাতেই বিকশিত হোৱা চিহ্ন ভাষা যাক ১০০০০০ৰপৰা ৫০০০০০ কলা বা শুনিব পৰা লোকে ব্যৱহাৰ কৰে। একাধিক হিচাপেৰে এএছএলক ইংৰাজী আৰু স্পেনীছৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয় সৰ্বাধিক ব্যৱহৃত ভাষা বুলিব পাৰি৯ পিচেক এনে বিশ্লেষণো কৰা হয় যে তেনে হিচাপে কলা লোকৰ সংখ্যা আৰু এএছএল ব্যৱহাৰকাৰীৰ সংখ্যাক একাকাৰ কৰে। ১৯৭২ৰ এক জৰিপত তেতিয়াৰ এএছএল ব্যৱহাৰকাৰী ৫০০০০০তকৈ অধিক নহয় বুলি এক ফল দাঙি ধৰিছিল।১০

তথ্যসূত্ৰ

  1. ↑ Grimes 2000
  2. ↑ American Community Survey, Language Spoken at Home by Ability to Speak English for the Population 5 Years and Over(Table B16001)2013-2017 5-year estimates
  3. ↑ (November 3, 2015). Census Bureau Reports at Least 350 Languages Spoken in U.S. Homes. U.S. Census Bureau
  4. ↑ (November 4, 2015). At Least 350 Languages Spoken In US Homes: New Report. CNBC
  5. ↑ Table 53. Languages Spoken At Home by Language: 2011
  6. ↑ American FactFinder - Results
  7. ↑ Leeman, Jennifer. 2018. “It’s All about English: The Interplay of Monolingual Ideologies, Language Policies and the U.S. Census Bureau’s Statistics on Multilingualism.” International Journal of the Sociology of Language (252): 21–43
  8. ↑ Lewis, M. Paul. (2013). American Sign Language. Ethnologue: Languages of the World, Seventeenth edition. SIL International
  9. ↑ Paul Preston. (1995). Mother father deaf: living between sound and silence. Harvard University Press. পৃ. 243. ISBN 978-0-674-58748-9
  10. ↑ Mitchell. (2006). How Many People Use ASL in the United States? Why Estimates Need Updating

সম্পৰ্কিত শ্ৰেণী

ভাষাআমেৰিকা যুক্তৰাষ্ট্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা” প্ৰবন্ধৰ সংশোধন ৩৭৯৯৮৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।