অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৱেগৰ কুঁৱলী ফালি

আৱেগৰ কুঁৱলী ফালি(Aabegor kuoli Faali) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ কৰা কিতাপখনত লেখকে তেওঁৰ মোমায়েক-মামীয়েকলৈ অৰ্পণ কৰি লিখিছে, "মোৰ মামা-মামী হেমন্ত কুমাৰ বৈদ্য আৰু অৰুন্ধতী বৈদ্যৰ হাতত শ্ৰদ্ধা আৰু…

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২১ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আৱেগৰ কুঁৱলী ফালি(Aabegor kuoli Faali) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ কৰা কিতাপখনত লেখকে তেওঁৰ মোমায়েক-মামীয়েকলৈ অৰ্পণ কৰি লিখিছে, "মোৰ মামা-মামী হেমন্ত কুমাৰ বৈদ্য আৰু অৰুন্ধতী বৈদ্যৰ হাতত শ্ৰদ্ধা আৰু আগ্ৰহেৰে-ময়ূৰ"।১

বিৱৰণ

কিতাপখনৰ আৰম্ভণিতে লেখকে "মনৰ কথা"ত উল্লেখ কৰিছে "শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ব্ৰাহ্মণ্যবাদৰ দৰে স্পৰ্শকাতৰ বিষয়ত মই লিখা গ্ৰন্থ দুখনে ৰাইজৰ কিছু সমাদৰ পোৱাৰ পাছত মই আচলতে প্ৰবন্ধ সংকলনৰ কথা চিন্তা কৰা নাছিলোঁ। কিন্তু বাতৰি কাকতত ছেগা-চোৰোকাকৈ লিখি থকা কাৰণে বিভিন্ন সময়ত ভিন ভিন পঢ়ুৱৈয়ে মোৰ লগত মনৰ কথা পাতিছিল। তেওঁলোকৰ অধিকাংশই বিচাৰে মোৰ ভিন্নধৰ্মী ৰচনসমূহ গ্ৰন্থকাৰত প্ৰকাশ হওক। তদুপৰি লেখাসমূহক চিৰস্থায়ী কৰি ৰখাৰ এক বাসনায়ো মোক আমনি নকৰাকৈ থকা নাই। সেয়েহে যোৱা এক-দুই বছৰৰ ভিতৰত লিখা কেতবোৰ নিৰ্বাচিত প্ৰবন্ধক লৈ এইবাৰ আকৌ গ্ৰন্থাকাৰে পঢ়ুৱৈ ৰাইজলৈ আগবঢ়াইছোঁ।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল- ১

  1. চণ্ডীগড়ৰ ডি টি অ' অফিচ আৰু গাড়ীৰ নম্বৰ
  2. স্বদেশৰ ছবিয়ে যেতিয়া বিদেশত আমনি কৰে...
  3. আমিও কোনোবা কাৰাগাৰৰ কয়দী নেকি?
  4. এশ দহ টকীয়া ব্ৰেডৰ সোৱাদ
  5. উচ্চতম ন্যায়ালয়ে যেতিয়া উজুটি খায়
  6. মৃত্যু- সাময়িক নীৰৱতা নে স্থায়ী নিস্তব্ধতা
  7. নাৰী-পুৰুষৰ সম্পৰ্ক আৰু যৌনতা
  8. ফুটবল আৰু ধৰ্ম
  9. পৰিৱৰ্তনৰ ঢৌত সততা আৰু দক্ষতা
  10. উৰাবাতৰি আৰু মানৱ সমাজ
  11. মানৱ হৃদয়ে কুষ্ঠৰোগৰ পৰা মুক্তি পাবনে?
  12. চাওমীন খোৱা পুৰুষৰ পৰা সাৱধান
  13. হিন্দুত্ববাদী শক্তিবোৰে প্ৰকৃত সত্যৰ কাষ নাচাপে কিয়?
  14. চৌদিশে সাংস্কৃতিক সন্ত্ৰাসবাদৰ ছাঁবোৰ দেখি
  15. সাম্যবাদ আৰু আমাৰ মনৰ স্বাৰ্থবোৰ
  16. বাতৰি কাকতৰ ভৱিষ্যৎ
  17. 'আহ ঐ আহ' ধ্বনিয়ে আমাক ক'লৈ লৈ যাব?
  18. হিট্‌লাৰক ভাল পোৱা মানুহজনে আমালৈ কি থৈ গ'ল
  19. আমেৰিকাক ৰঙা চকু দেখুৱাবলৈ ভয় নকৰা মানুহজন
  20. বস্ত্ৰ আৰু বিদ্ৰোহ
  21. সাহিত্য-২০১২
  22. অনুভৱৰ জোলোঙাইদি সাহিত্য
  23. বৌদ্ধিক বন্ধ্যাত্বৰ দিশলৈ অসম সাহিত্য সভা
  24. কোন দিশে ধাৱমান আমাৰ সাহিত্য জগত?
  25. জিন্নাৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ পৰা অসমে ল'ব পৰা শিক্ষা
  26. ধৰ্ম, ঈশ্বৰবিশ্বাস আৰু ছহিদ ভগৎ সিং
  27. এখন ব্যতিক্ৰমী ছেমিনাৰ আৰু ড° সন্দীপ পাণ্ডে
  28. বিহুৰ বতৰত কিছু বিক্ষিপ্ত অৰ্থনৈতিক চিন্তা
  29. খুচুৰা খণ্ডত বিদেশী বিনিয়োগঃ বিৰোধীৰ আস্ফালনৰ ভিত্তি আছেনে
  30. মনৰ কূট-কৌশলকহে স্পষ্ট কৰে নেকি কূটনৈতিক নিৰাপত্তাৰ নীতিয়ে
  31. মাজনিশাৰ সূৰ্যত কিহৰ ছাঁ, অজ্ঞতাৰ নে অহংকাৰৰ?

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।৫

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ময়ূৰ বৰা. (অক্টোবৰ, ২০১৩). আৱেগৰ কুঁৱলী ফালি. আঁক-বাঁক. ISBN 978 93 82726 25 8
  2. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  3. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  4. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  5. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱেগৰ কুঁৱলী ফালি” প্ৰবন্ধৰ সংশোধন ২৯৮৮৪০ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।