ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী। এজন ৰজাৰ কোঁৱৰে ঘটনাক্ৰমে নদীত গা ধুই থাকোঁতে ঔ-কুঁৱৰীৰ দৰ্শন লাভ কৰে আৰু কুঁৱৰীৰ ৰূপত মোহ গৈ ঔ-টেঙাটোকে বিয়া পাতে। এগৰাকী মগনীয়া বুঢ়ীৰ মন্ত্ৰণা অনুযায়ী কোঁৱৰে ঔ-টেঙাৰ ভিতৰৰ পৰা কুঁৱৰীক মানৱী ৰূপত লাভ কৰে।১
সাৰাংশ
এজন ৰজাৰ দুই গৰ্ভৱতী ৰাণীৰ সৰুগৰাকীয়ে সন্তানৰ পৰিৱৰ্তে এটা ঔ-টেঙা প্ৰসৱ কৰিলে। ঔ-টেঙাটো চুৱাপাতনিত পেলাই দিলেও ই বাগৰি আহি পুনৰ ৰাণীৰ কাষ পায়হি। এদিন দুপৰীয়া মানুহ-দুনুহ নোহোৱাৰ সময়ত ঔ-টেঙাটো নদীৰ পাৰত ৰৈ আছিল। এজন ৰজাৰ কোঁৱৰেও সেই ঘাটৰে আওহতীয়া ঠাইত বৰশী বাই আছিল। ঔ-টেঙাটোৰ পৰা দীপলিপ কুঁৱৰী এজনী ওলাই নদীত গা ধুলে আৰু ঔ-টেঙাত সোমাই পুনৰ উলটি গ'ল। কোঁৱৰে এই দৃশ্য দেখা পাই ঔ-কুঁৱৰীৰ ৰূপত মোহ গ'ল আৰু ঘূৰি আহি তেওঁক বিয়া কৰোৱাৰ জেদ ধৰি ৰোহঘৰত সোমাল। এৰাব নোৱাৰি ঔ-টেঙাৰ লগতে তেওঁৰ বিয়া পাতি দিয়া হ'ল। বিয়াৰ পিছত একেটা শোৱনি কোঠাতে থাকিলেও কুঁৱৰীৰ সৈতে কোঁৱৰৰ সাক্ষাৎ হোৱা নাছিল। কোঁৱৰে আধা খাই ঢাকি ৰখা ভাত কুঁৱৰীয়ে ৰাতি ঔ-টেঙাৰ পৰা ওলাই আহি খায় আৰু কোঁৱৰে ভূ নোপোৱাকৈ পুনৰ সোমাই থাকে।
এদিন মগনীয়া বুঢ়ী এগৰাকী আহি মন মাৰি থকা কোঁৱৰক কুঁৱৰীৰ কথা সুধিলে। তেতিয়া কোঁৱৰে ৰাতি ঢাকি থোৱা ভাত নোহোৱা হোৱাৰ কথা কওঁতে বুঢ়ীয়ে ক'লে যে ৰাতি কুঁৱৰী ঔ-টেঙাৰ পৰা বাহিৰলৈ ওলাই আহে। সেই সময়তেই ঔ-টেঙাৰ খোলাটো তুঁহজুইত পুৰি পেলালে কোঁৱৰে কুঁৱৰীক মানৱী ৰূপত লাভ কৰিব। কথামতেই কোঁৱৰে ৰাতি কুঁৱৰী ঔ-টেঙাৰ পৰা বাহিৰ ওলাই আহোঁতেই ঔ-টেঙাৰ খোলাটো তুঁহজুইত পুৰি পেলালে। মূৰ্ছিত হৈ পৰা কুঁৱৰীক মগনীয়া বুঢ়ীৰ দিহামতে দৈ-গাখীৰ আৰু আঠিয়া কল ফেনেকি ভৰণ দিয়াত কুঁৱৰী উঠি বহিল। ইয়াৰ পিছতেই পুনৰ কোঁৱৰ আৰু কুঁৱৰীৰ বিবাহ সম্পন্ন হ'ল।১
চলচ্চিত্ৰ অভিযোজন
২০১৬ চনত মুক্তিলাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত অসমীয়া ভাষাৰ হ'ৰৰ ফেণ্টাছী চলচ্চিত্ৰ কথানদীত ঔ-কুঁৱৰীৰ সাধুৰ একাংশ সন্নিৱিষ্ট কৰা হৈছিল। ছবিখনত তেজীমলা, চম্পাৱতী আৰু তাৱৈৰ সাধুকো সন্নিৱিষ্ট কৰা হৈছিল।২৩ অৱশ্যে চলচ্চিত্ৰখনত কোঁৱৰে ঔ-কুঁৱৰীক বিয়া কৰোৱাৰ কাহিনী নাছিল। ইয়াৰ পৰিৱৰ্তে সদাগৰ দেৱীনাথে (আদিল হুছেইন) ঔ-টেঙাৰ পৰা ঔ-কুঁৱৰীক মানৱী ৰূপলৈ অনাৰ ভূমিকা গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ ঔ-কুঁৱৰী. লক্ষ্মীনাথ বেজবৰুৱা
- ↑ Das, Gaurav. (3 December 2013). Four iconic fables to feature in film. Times of India
- ↑ (25 May 2016). And the river flows to tell the tales: Kothanodi. Prabalika M Borah. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔ-কুঁৱৰী” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৬৯ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।