অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কাল (ইংৰাজী ব্যাকৰণ)

Verb বা ক্ৰিয়াৰ সময়কেই Tense বা কাল বোলা হয়। Tense তিনপ্ৰকাৰৰ — Present Tense (বৰ্তমান কাল) Past Tense (অতীত কাল) Future Tense (ভৱিষ্যত কাল)

হালনাগাদ: ১৩ অক্টোবৰ ২০২৫ ১,৪৩৯ শব্দ · ৮ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

Verb বা ক্ৰিয়াৰ সময়কেই Tense বা কাল বোলা হয়।

Tense তিনপ্ৰকাৰৰ —

  1. Present Tense (বৰ্তমান কাল)
  2. Past Tense (অতীত কাল)
  3. Future Tense (ভৱিষ্যত কাল)

Present Tense বৰ্তমানে কোনো কাম হোৱা বা হৈ থকা বুজালে Present Tense হয়। যেনে– I eat rice. (মই ভাত খাওঁ)

Past Tense কোনো কাম অতীতত হোৱা বুজালে Past Tense হয়। যেনে– I ate rice. (মই ভাত খাইছিলোঁ)

Future Tense ভৱিষ্যতত কোনো কাম হ’ব বুজালে Future Tense হয়। যেনে– I shall eat rice. (মই ভাত খাম)

Present Tenseৰ ভাগ

Present Indefinite Tense বৰ্তমান কালৰ সাধাৰণ ঘটনা, অভ্যাসগত কাম নাইবা চিৰন্তন সত্য বুজালে Present Indefinite (Simple Present) Tense হয়।

  • মই স্কুললৈ যাওঁ – I go to school.
  • দীপকে ভাত খায় – Dipak eats rice.
  • তানিয়াই এখন কিতাপ পঢ়ে – Tania reads a book.
  • ৰীণাই প্ৰতিদিনে স্কুললৈ যায় – Rina goes to school everyday.
  • ৰাহুলে সদায় সত্য কথা কয় – Rahul always speaks the truth.
  • ৰীণাই প্ৰতিদিনে-ৰাতি ৯ বজাত শুবলৈ যায় – Rina goes to bed at 9 pm everyday.
  • সূৰ্য্য পূৱফালে উদয় হয় – The Sun rises in the east.
  • পৃথিৱী গোলাকাৰ – The Earth is round.'Sentence গঠন নীতি:' Subject + মূল Verb + Object + Extension

দ্ৰষ্টব্য: Subject যদি third person singular number হয়, তেতিয়া Verb-ৰ শেষত s বা es যোগ হয়।

Present Continuous Tense বৰ্তমান কোনো কাম হৈ আছে বা চলি আছে বুজালে Present Continuous Tense হয়।

  • মই ভাত খাই আছোঁ – I am eating rice.
  • সংগীতাই স্কুললৈ গৈ আছে – Sangita is going to school.
  • ল’ৰাবোৰে পথাৰত খেলি আছে – The boys are playing in the field.
  • আয়েশাই এখন কিতাপ পঢ়ি আছে – Ayesha is reading a book.
  • কমলে পথাৰত কাম কৰি আছে – Kamal is working in the field.
  • তানিয়াই এটা গান গাই আছে – Tania is singing a song.
  • মনীষাই ভাত ৰান্ধি আছে – Manisha is cooking rice.
  • শিশুটি শুই আছে – The baby is sleeping.
  • মহিমাই দৌৰি আছে – Mohima is running.
  • কৰিম আৰু ৰহিমে মাছ ধৰি আছে – Karim and Rahim are catching fish.
  • সিহঁতে গল্প কৰি আছে – They are gossiping.'Sentence গঠন নীতি:' Subject + am / is / are + মূল Verb + ing + Object + Extension

Present Perfect Tense কোনো কাম এইমাত্ৰ শেষ হৈছে বুজালে Present Perfect Tense হয়।

  • মই ভাত খাইছোঁ – I have eaten rice.
  • তেওঁ দিল্লীৰপৰা আহিছে – He has come from Delhi just now.
  • ৰীণাই এটা গান গাইছে – Rina has sung a song.
  • সিহঁতে পথাৰত ফুটবল খেলিছে – They have played football in the field.
  • তানিয়াই এটা ছবি আঁকিছে – Tania has drawn a picture.'Sentence গঠন নীতি:' Subject + have / has + Verb-ৰ Past Participle ৰূপ + Object + Extension

Present Perfect Continuous Tense কোনো কাম আগতে এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ এতিয়ালৈকে চলি আছে বুজালে Present Perfect Continuous Tense হয়।

  • তানিয়াই পুৱাৰপৰা পঢ়ি আছে – Tania has been reading since morning.
  • ৰীণাই দুঘণ্টা ধৰি পঢ়ি আছে – Rina has been reading for two hours.
  • সিহঁতে আধা ঘণ্টা ধৰি খেলি আছে – They have been playing for half an hour.
  • মই দুপৰীয়াৰপৰা মাছ ধৰি আছোঁ – I have been catching fish since noon.
  • ছোৱালীবিলাকে এঘণ্টা ধৰি সাঁতুৰি আছে – The girls have been swimming for an hour.
  • ছোৱালীজনীয়ে বিছ মিনিট ধৰি গান গাই আছে – The girl has been singing for twenty minutes.
  • মই তিন বছৰ ধৰি এই কলেজত পঢ়ি আছোঁ – I have been studying in this college for three years.
  • মায়ে এঘণ্টা ধৰি ৰান্ধি আছে – Mother has been cooking for an hour.
  • মাণিকে তিন বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে – Manik has been living in Guwahati for three years.
  • তেওঁ চাৰি ঘণ্টা ধৰি কাম কৰি আছে – He has been working for four hours.'Sentence গঠন নীতি:' Subject + have been / has been + Verb + ing + since/for + Object + Extension

Past Tenseৰ ভাগ

Past Indefinite Tense অতীতত কোনো কাম শেষ হৈছে বুজালে Past Indefinite Tense হয়।

  • তানিয়াই কালি স্কুললৈ গৈছিল – Tania went to school yesterday.
  • তন্ময়ে কালি পথাৰত খেলিছিল – Tanmay played in the field yesterday.
  • মায়ে কালি ৰাতি ৰান্ধিছিল – Mother cooked yesterday night.
  • দেউতাই কালি দুটা কুকুৰা কিনিছিল – Father bought two hens yesterday.
  • ৰীণাই কালি এখন চিঠি লিখিছিল – Rina wrote a letter yesterday.
  • চুমিয়ে কালি এটা ছবি আঁকিছিল – Sumi drew a picture yesterday.
  • মানুহজন কালি মৰিছিল – The man died yesterday.
  • ৰতন কালি বাজাৰলৈ গৈছিল – Ratan went to market yesterday.'Sentence গঠন নীতি:' Subject + Verb-ৰ Past ৰূপ + Object + Extension

Past Continuous Tense অতীতত কোনো কাম চলি আছিল বুজালে Past Continuous Tense হয়।

  • মই কালি পুৱা পঢ়ি আছিলোঁ – I was reading yesterday morning.
  • তানিয়াই কালি আবেলি গান গাই আছিল – Tania was singing yesterday afternoon.
  • কমলে কালি সন্ধিয়া শুই আছিল – Kamal was sleeping yesterday evening.
  • দেউতাই কালি ৰাতি টিভি চাই আছিল – Father was watching television yesterday night.
  • ৰাহুলে আজি পুৱা ছবি আঁকি আছিল – Rahul was drawing a picture this morning.'Sentence গঠন নীতি:' Subject + was/were + Verb + ing + Object + Extension

Past Perfect Tense অতীতত দুটা কামৰ ভিতৰত যিটো আগতে হৈছিল তাক Past Perfect Tense ধৰা হয়।

  • চিকিৎসক অহাৰ আগতে ৰোগীজন মৰি গ’ল – The patient had died before the doctor came.
  • আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে – The train had left before we reached the station.
  • আমি বিদ্যালয় পোৱাৰ আগতে ঘণ্টা বজিল – The bell had rung before we reached the school.
  • চিকিৎসক অহাৰ পাছত ৰোগীজন মৰি গ’ল – The patient died after the doctor had come.
  • আমি বিদ্যালয় পোৱাৰ পিছত ঘণ্টা বজিল – The bell rang after we had reached the school.
  • দেউতা অহাৰ আগতে মায়ে ভাত ৰান্ধিলে – Mother had cooked rice before father came.'Sentence গঠন নীতি:' Subject + had + Past Participle + Object + Extension

Past Perfect Continuous Tense অতীতত কোনো কাম এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজালে Past Perfect Continuous Tense হয়।

  • কালি মই দুঘণ্টা ধৰি পঢ়ি আছিলোঁ – I had been reading for two hours yesterday.
  • আজি পুৱা দুঘণ্টা ধৰি বৰষুণ হৈ আছিল – It had been raining for two hours this morning.
  • তৰুণে কালি তিনি ঘণ্টা ধৰি কাম কৰি আছিল – Tarun had been working for three hours yesterday.
  • মাছমৰীয়াই কালি মাছ ধৰি আছিল – The fishermen had been catching fish yesterday.
  • তানিয়াই কালি টিভি চাই আছিল – Tania had been watching television yesterday.
  • যেতিয়া ৰক্তিম আহিছিল তেতিয়া মই পঢ়ি আছিলোঁ – I had been reading when Raktim came.
  • দেউতা আহোঁতেই মায়ে ৰান্ধি আছিল – Mother had been cooking when father came.'Sentence গঠন নীতি:' Subject + had been + Verb + ing + Object + Extension

Future Tenseৰ ভাগ

Future Indefinite Tense ভৱিষ্যতত কোনো কাম হ’ব বুজালে Future Indefinite Tense হয়।

  • মই ভাত খাম – I shall eat rice.
  • তেওঁ বিদ্যালয়লৈ যাব – He will go to school.
  • আমি মাছ ধৰিম – We shall catch fish.
  • সিহঁতে বাজাৰলৈ যাব – They will go to the market.
  • তানিয়াই কিতাপ পঢ়িব – Tania will read a book.
  • কৰিণাই গান গাব – Karina will sing a song.
  • লুবনাই ছবি আঁকিব – Lubna will draw a picture.
  • আমি দিল্লীলৈ যাম – We shall go to Delhi.
  • কমলে ছাতি কিনিব – Kamal will buy an umbrella.'Sentence গঠন নীতি:' Subject + shall/will + মূল Verb + Object + Extension

Future Continuous Tense ভৱিষ্যতত কোনো কাম চলি থাকিব বুজালে Future Continuous Tense হয়।

  • আজি সন্ধিয়া সিহঁতে গান শুনি থাকিব – They will be listening to music this evening.
  • আজি আবেলি মই টিভি দেখি থাকিম – I will be watching television this afternoon.
  • কাইলৈ পুৱা মায়ে ৰান্ধি থাকিব – Mother will be cooking tomorrow morning.
  • কাইলৈ সিহঁতে নদীত সাঁতুৰি থাকিব – They will be swimming in the river tomorrow.
  • কাইলৈ মই ছবি আঁকি থাকিম – I shall be drawing tomorrow.'Sentence গঠন নীতি:' Subject + shall be/will be + Verb + ing + Object + Extension

Future Perfect Tense ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো কাম সম্পন্ন হ’ব বুজালে Future Perfect Tense হয়।

  • তেওঁ সূৰ্যোদয়ৰ আগতেই কাম শেষ কৰিব – He will have completed the work before the sun rises.
  • আমি পুৱা ১০ বজাৰ ভিতৰত আহিম – We shall have arrived by 10 am.
  • দেউতা আহাৰ আগতেই মায়ে ৰান্ধি থাকিব – Mother will have cooked before father comes.'Sentence গঠন নীতি:' Subject + shall have/will have + Past Participle + Object + Extension

Future Perfect Continuous Tense ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়লৈকে কোনো কাম চলি থাকিব বুজালে Future Perfect Continuous Tense হয়।

  • তেওঁ দুই বছৰ ধৰি পঢ়ি থাকিব – He will have been reading for two years.
  • অনিতাই আজিৰ সন্ধিয়া দুঘণ্টা পঢ়ি থাকিব – Anita will have been reading for two hours this evening.
  • দেউতা আহাৰ আগতেই মায়ে ৰান্ধিয়েই থাকিব – Mother will have been cooking before father comes.
  • ৰবি ঘূৰি আহা নোলোৱা পৰ্যন্ত মই পঢ়িয়েই থাকিম – I shall have been reading until Rabi comes back.'Sentence গঠন নীতি:' Subject + shall have been/will have been + Verb + ing + Object + Extension

আৰু চাওক

সম্পৰ্কিত শ্ৰেণী

ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাল (ইংৰাজী ব্যাকৰণ)” প্ৰবন্ধৰ সংশোধন ৫৪৩৫৬৩ (১৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।