অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া জাতীয় অভিধান

অসমীয়া জাতীয় অভিধান (Asomia Jatiya Abhidhan) এখন একভাষিক, সামুদায়িক, বি‍জ্ঞানসন্মত, বিশ্বকোষীয় অভিধান। এই অভিধান একভাষিক; মুখ্য সম্পাদকে এঠাইত ইয়াৰ ব্যাখ্যা এনেদৰে দিছে,"অসমীয়া জাতীয় অভিধানখন একভাষিক, কাৰণ এতিয়ালৈকে প্ৰকাশিত প্ৰায়বোৰ অভিধানেই অন্ততঃ দ্বিভাষিক।

হালনাগাদ: ২৭ মে’ ২০২৫ ৭৬৭ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অসমীয়া জাতীয় অভিধান (Asomia Jatiya Abhidhan) এখন একভাষিক, সামুদায়িক, বি‍জ্ঞানসন্মত, বিশ্বকোষীয় অভিধান।১ এই অভিধান একভাষিক; মুখ্য সম্পাদকে এঠাইত ইয়াৰ ব্যাখ্যা এনেদৰে দিছে,"অসমীয়া জাতীয় অভিধানখন একভাষিক, কাৰণ এতিয়ালৈকে প্ৰকাশিত প্ৰায়বোৰ অভিধানেই অন্ততঃ দ্বিভাষিক। ...অসমীয়াৰ পৰা অসমীয়াত অৰ্থ ভঙা অসমীয়া অভিধান আমাৰ পৰ্যাপ্ত নাই। ...অসমীয়া জাতীয় অভিধানখন একভাষিক হ’ব অৰ্থাৎ মূল প্ৰৱিষ্টিবিলাকৰ (সি যি ভাষাৰ পৰা অহা শব্দ নহওক লাগিলে) ব্যাখ্যা কেৱল অসমীয়াতহে হ’ব। অৱশ্যে অধ্যয়নকাৰীয়ে ইয়াত মাজে মাজে ইংৰাজী আখৰ দেখা পাব। কিন্তু সেয়া ইংৰাজী অৰ্থ বা ব্যাখ্যা নহয়। তাৰ বিপৰীতে এয়া হৈছে সংশ্লিষ্ট শব্দবোৰৰ আন্তৰ্জাতিকভাৱে গৃহীত বৈজ্ঞানিক বা প্ৰযুক্তিগত পৰিভাষাহে।" ২ ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে। ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে। এই অভিধান বি‍জ্ঞানসন্মত; মুখ্য সম্পাদকে ইয়াৰ ব্যাখ্যা এনেদৰে দিছে,"অসমীয়া জাতীয় অভিধানখন বিজ্ঞানসন্মত। ...প্ৰথমতঃ ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে এক বৈজ্ঞানিক পদ্ধতি। প্ৰতিটো প্ৰবিষ্টিৰ বিপৰীতে ক্ৰমে মূল শব্দ, বিজ্ঞানসন্মত আৰু সৰলীকৃত বিকল্প বানান, পদ, ব্যুৎপত্তি, অৰ্থ, উদাহৰণ আৰু বৈজ্ঞানিক পৰিভাষা আদি তথ্যসমূহ প্ৰণালীবদ্ধ আৰু পদ্ধতিগতভাৱে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়তঃ আজিলৈকে প্ৰকাশিত অসমীয়া অভিধানৰ ভিতৰত সৰ্বাধিকসংখ্যক অৰ্থাৎ প্ৰায় ২০,০০০ (মুঠ শব্দৰ প্ৰায় ১০%) বিজ্ঞান-প্ৰযুক্তিৰ শব্দ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। নক’লেও হয় যে বিজ্ঞানৰ শব্দবিলাকৰ প্ৰায়বোৰ ক্ষেত্ৰত লগত বৈজ্ঞানিক পৰিভাষা দিয়া হৈছে। ...শেষত হ’লেও কম গুৰুত্বপূৰ্ণ নহয় যে এই অভিধানখনৰ সমাজত চলি থকা বহু অন্ধবিশ্বাস আৰু কু-সংস্কাৰক চিনাক্ত কৰি সেইবিলাকক পোনপতীয়াভাৱে ‘অন্ধবিশ্বাস’ শিতান বা বিভাগৰ অন্তৰ্ভুক্ত কৰা হৈছে। ...বিজ্ঞানসন্মত শব্দৰ সম্পৰ্কত আমাৰ শেষ কথা এয়ে যে অসমীয়া জাতীয় অভিধান অন্ধবিশ্বাস আৰু বিজ্ঞানমনস্কতাৰ মাজত নিৰপেক্ষ নহয়; ই অন্ধবিশ্বাসৰ বিপক্ষে আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে প্ৰকাশ্য আৰু দৃঢ় স্থিতি গ্ৰহণ কৰিছে।" ২ অসমীয়া জাতীয় অভিধানখন বিশ্বকোষীয় কিয়? উত্তৰত মুখ্য সম্পাদকে জনাইছে,"কোনোবাই ক’ব পাৰে যে অভিধান অভিধানেই আৰু বিশ্বকোষ বিশ্বকোষেই। তেওঁলোকৰ জ্ঞানাৰ্থে জনাও যে অভিধান বহুতধৰণৰ থাকে আৰু তাৰ ভিতৰত বিশ্বকোষীয় অভিধানো অন্যতম।" ২ প্ৰতিটো শব্দৰ বিপৰীতে সৰল বানানৰ প্ৰস্তাৱ অভিধানখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ। মূল প্ৰৱিষ্টত প্ৰচলিত বানান অক্ষুণ্ণ ৰাখিও অভিধানখনৰ চাৰিটা খণ্ডৰ প্ৰায় দুই লাখ শব্দৰ প্ৰতিটোৰ বিপৰীতে সৰল বানানৰ প্ৰস্তাৱ আগ বঢে়াৱা হৈছে।

অসমীয়া জাতীয় অভিধান (প্ৰথম খণ্ড)

অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ডত অ-ৰ পৰা ক-বৰ্ণৰ শব্দসমূহ সন্নিৱিষ্ট কৰা হৈছে। এই খণ্ডৰ মুখ্য সম্পাদক দ০ দেৱব্ৰত শৰ্মা আৰু মুখ্য উপদেষ্টা ভাষাচাৰ্য, সাহিত্যচাৰ্য দ০ গোলোক চন্দ্ৰ গোস্বামী। উপদেষ্টামণ্ডলীত আছে সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱনৰ সৈতে জডি়ত একত্ৰিছজন ব্যক্তি।৩ অসমীয়া জাতীয় অভিধান মালিতাৰ ৰচনা আৰু সুৰ সান্ত্বনা শৰ্মাৰ।৪ অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ডটি প্ৰস্তাৱনা খণ্ড হিচাপে ২০১০ চনৰ পহিলা জানুৱাৰিত উন্মোচন কৰা হৈছিল।৫ অসমীয়া জাতীয় অভিধানৰ প্ৰস্তাৱনা খণ্ডৰ পৃষ্ঠা সংখ্যা ১০০০ হোৱাৰ বিপৰীতে ইয়াৰ দ্বিতীয় সংস্কৰণত পৃষ্ঠাৰ সংখ্যা ১৫০০ হৈছে।৫ অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ডৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয় ২০১৩ চনৰ ২৬ ফেব্ৰুৱাৰিত।৬

অসমীয়া জাতীয় অভিধানৰ প্ৰস্তাৱনা খণ্ডটি উন্মোচন কৰি ড° কবীন্দ্ৰ নাথ ফুকনে কৈছিল,"এই অভিধানখন একভাষিক হোৱাৰ প্ৰয়োজনীয়তা ক'ত? ...অসমীয়া ভাষা ঔপনিবেশিক যুগৰ আৰম্ভণিতে একেবাৰে চালুকীয়া এটা অৱস্থাত আছিল। ...তেনেকুৱা এটা সময়ত আচলতে অসমীয়া ভাষাৰ দ্বিভাষিক অভিধান হোৱাটোৱেই বেছি স্বাভাৱিক কথা আছিল। আহোম ৰাজত্বৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাত এটা দ্বিভাষিক অৱস্থান আছিল, এই দ্বিভাষিক অৱস্থানটোত তাই-আহোম ভাষা এফালে আৰু আনফালে সংস্কৃত মূলৰ অসমীয়া ভাষা। লাহে লাহে আহোম ৰাজতন্ত্ৰই নিজে তাই-আহোম ভাষা পৰিহাৰ কৰাৰ নিচিনা হ'ল আৰু তাৰ পিছত অসমীয়া ভাষাতে তেওঁলোকৰ বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু মানৰ আক্ৰমণ জনিত বিধ্বস্ত অৱস্থাত অসমীয়া প্ৰজা ছেদেলি ভেদেলি হৈ পৰাত ত্ৰিশ হাজাৰ শব্দ লুপ্ত হ'ল। তাৰ কিমান উদ্ধাৰ হয় সেইটো ভাবিবলগীয়া কথা।" ৭

অসমীয়া জাতীয় অভিধানৰ প্ৰস্তাৱনা খণ্ডটি প্ৰকাশ হোৱাৰ পাছতেই বিভিন্ন বাতৰি কাকতত ইয়াৰ বিষয়ে আলোচনা, সমালোচনা প্ৰকাশ হ'বলৈ ধৰিলে। হোমেন বৰগোহাঞিয়ে এই আলোচনা, সমালোচনাৰ বিষয়ে‍ আমাৰ অসম কাকতৰ প্ৰথম কলমত এনেদৰে উল্লেখ কৰিছিল,"'অসমীয়া জাতীয় অভিধান'ৰ বিষয়ে যিবোৰ জিঘাংসু লেখা প্ৰকাশ পাইছে, সেইবোৰক সমূলি আওকাণ কৰাটোৱেই উচিত হ'ব। সকলো মানুহে নিজৰ সহজ বুদ্ধিৰেই এনেবোৰ লেখাৰ অন্তৰ্নিহিত তাড়না আৰু উদ্দেশ্য বুজি পায় আৰু সেইবোৰ পাহৰি যাবলৈও তেওঁলোকৰ বেছি সময় নালাগে। ...কেইজনমান সমালোচকে তেওঁলোকৰ বিচাৰত অশুদ্ধ বা অগ্ৰহণীয় বুলি বিবেচিত হোৱা শব্দ, শব্দাৰ্থ আৰু বানানবোৰৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰিছে - যিবোৰ কথা অভিধানখনৰ প্ৰণেতাসকলে গুৰুত্বসহকাৰে পৰীক্ষা কৰি চোৱা উচিত।" ৮

এই খণ্ডৰ মুখ্য সম্পাদক দ০ দেৱব্ৰত শৰ্মা আৰু মুখ্য উপদেষ্টা ভাষাচাৰ্য, সাহিত্যচাৰ্য দ০ গোলোক চন্দ্ৰ গোস্বামী। উপদেষ্টামণ্ডলীত আছে সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱনৰ সৈতে জডি়ত একত্ৰিছজন ব্যক্তি।৯

অসমীয়া জাতীয় অভিধান (দ্বিতীয় খণ্ড)

অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় খণ্ডৰ প্ৰস্তাৱনা খণ্ডত খ-ৰ পৰা ঠ-বৰ্ণৰ শব্দসমূহ সন্নিৱিষ্ট কৰা হৈছে।১০ এই খণ্ডটিৰ মুঠ পৃষ্ঠা সংখ্যা ১০৪০। অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় খণ্ডৰ প্ৰস্তাৱনা খণ্ডৰ সমুখৰ বেটুপাতত ৰাজেশ্বৰ সিংহৰ তামৰ ফলি, বাওঁহাতৰ সৰু অংশত লিপি থকা অচিনাকি ব্ৰঞ্জ মূ্ৰ্তি, বাওঁহাতৰ সৰু অংশৰ কথাংশ তাই ভাষাত লিখিত লক্ষ্মী সিংহৰ তামৰ ফলি‍ আৰু পিছফালৰ বেটুপাতৰ সোঁফালৰ সৰু অংশত বলবৰ্মদেৱৰ তামৰ ফলিত থকা মোহৰ, পিছফালৰ বেটুপাতৰ সোঁফালৰ সৰু অংশৰ কথাংশ গৌৰীনাথ সিংহৰ তামৰ ফলি আৰু ভাস্কৰ বৰ্মাৰ তামৰ ফলিৰ পোহৰছবিৰে সজোৱা হৈছে।১১ এই খণ্ডৰ মুখ্য সম্পাদক দ০ দেৱব্ৰত শৰ্মা আৰু মুখ্য উপদেষ্টা ভাষাচাৰ্য, সাহিত্যচাৰ্য দ০ গোলোক চন্দ্ৰ গোস্বামী। উপদেষ্টামণ্ডলীত আছে সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱনৰ সৈতে জডি়ত একৈছজন ব্যক্তি।১২

অসমীয়া জাতীয় অভিধান (তৃতীয় খণ্ড)

অসমীয়া জাতীয় অভিধানৰ তৃতীয় খণ্ডৰ প্ৰস্তাৱনা সংস্কৰণত ঠ-ৰ পৰা ফ-বৰ্ণৰ শব্দসমূহ সন্নিৱিষ্ট কৰা হৈছে।১৩ এই খণ্ডটিৰ মুঠ পৃষ্ঠা সংখ্যা ১০০০। এই খণ্ডৰ মুখ্য সম্পাদক দ০ দেৱব্ৰত শৰ্মা আৰু মুখ্য উপদেষ্টা ভাষাচাৰ্য, সাহিত্যচাৰ্য দ০ গোলোক চন্দ্ৰ গোস্বামী। উপদেষ্টামণ্ডলীত আছে সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱনৰ সৈতে জডি়ত একৈছজন ব্যক্তি।১৪ অসমীয়া জাতীয় অভিধানৰ তৃতীয় খণ্ডৰ প্ৰস্তাৱনা সংস্কৰণৰ বেটুপাতত শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথি আৰু শিৱসিংহ স্বৰ্গদেউৰ আমোলত সুকুমাৰ বৰকাইথে ৰচনা কৰা আৰু দিলবৰ আৰু দোচাই নামৰ মুছলমান চিত্ৰশিল্পী দুজনে অংকন কৰা হস্তীবিদ্যাৰ্ণৱ পুথিৰ পোহৰছবি ব্যৱহাৰ কৰা হৈছে।১৫

অসমীয়া জাতীয় অভিধান (চতুৰ্থ খণ্ড)

অসমীয়া জাতীয় অভিধানৰ চতুৰ্থ খণ্ডৰ প্ৰস্তাৱনা সংস্কৰণত ব-ৰ পৰা ৎ-বৰ্ণৰ শব্দসমূহ সন্নিৱিষ্ট কৰা হৈছে।১৬ এই খণ্ডটিৰ মুঠ পৃষ্ঠা সংখ্যা ১৬৭২। এই খণ্ডৰ মুখ্য সম্পাদক দ০ দেৱব্ৰত শৰ্মা আৰু মুখ্য উপদেষ্টা ভাষাচাৰ্য, সাহিত্যচাৰ্য দ০ গোলোক চন্দ্ৰ গোস্বামী। উপদেষ্টামণ্ডলীত আছে সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱনৰ সৈতে জডি়ত একত্ৰিছজন ব্যক্তি।১৭

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ১১-১৩. ISBN 978-81-920653-0-4
  2. ↑ শৰ্মা, দ০ দেৱব্ৰত. অসমীয়া জাতীয় অভিধান: বৃহত্তৰ আৰু¸ মহত্তৰ অসমীয়া জাতিগঠনৰ অভিজ্ঞান
  3. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৩. ISBN 978-81-920653-0-4
  4. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৫. ISBN 978-81-920653-0-4
  5. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৪১. ISBN 978-81-920653-0-4
  6. ↑ (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ২. ISBN 978-81-920653-0-4
  7. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, দ্বিতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ১১
  8. ↑ বৰগোহাঞি, হোমেন. (২০১০). অসমীয়া জাতীয় অভিধান. আমাৰ অসম
  9. ↑ (২০্১৩). অসমীয়া জাতীয় অভিধান, প্ৰথম খণ্ড (দ্বিতীয় সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৩. ISBN 978-81-920653-0-4
  10. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, দ্বিতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ১
  11. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, দ্বিতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. বেটুপাতৰ ভিতৰ পৃষ্ঠাৰ কথা
  12. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, দ্বিতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৩
  13. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, তৃতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ১
  14. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, তৃতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৩
  15. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, তৃতীয় খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৪
  16. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, চতুৰ্থ খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ১
  17. ↑ শৰ্মা, দ০ দেৱব্ৰত (মুখ্য সম্পাদক). অসমীয়া জাতীয় অভিধান, চতুৰ্থ খণ্ড (প্ৰস্তাৱনা সংস্কৰণ). অসম জাতীয় প্ৰকাশ. পৃ. ৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅভিধান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া জাতীয় অভিধান” প্ৰবন্ধৰ সংশোধন ৫১২৯১৪ (২৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।