অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কলা বীক্ষণ

কলা বীক্ষণ অসমৰ বৰেণ্য শিল্পী আৰু শিল্পকৰ্মৰ জিলিঙনি (Kala Bikhyan) হৈছে অসমৰআধুনিক চাক্ষুস কলাৰ সৈতে জড়িত ৩৪ গৰাকী শিল্পীৰ সৃজনশিল্প আৰু জীৱন বিষয়ক গ্ৰন্থ। কিতাপখন লেখিছে অসমৰ এগৰাকী প্ৰথিতযশা কলা সমালোচক মৌচুমী কন্দলীয়ে। কিতাপখন বান্ধৱে প্ৰকাশ কৰিছে আৰু প্ৰচ্ছদ আঁকিছে ড° সঞ্জীৱ বৰাই।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কলা বীক্ষণ অসমৰ বৰেণ্য শিল্পী আৰু শিল্পকৰ্মৰ জিলিঙনি (Kala Bikhyan) হৈছে অসমৰআধুনিক চাক্ষুস কলাৰ সৈতে জড়িত ৩৪ গৰাকী শিল্পীৰ সৃজনশিল্প আৰু জীৱন বিষয়ক গ্ৰন্থ। কিতাপখন লেখিছে অসমৰ এগৰাকী প্ৰথিতযশা কলা সমালোচক মৌচুমী কন্দলীয়ে। কিতাপখন বান্ধৱে প্ৰকাশ কৰিছে আৰু প্ৰচ্ছদ আঁকিছে ড° সঞ্জীৱ বৰাই। মুঠ ৮২ পৃষ্ঠাৰ কিতাপখনত একোখনি শিল্পকৰ্মৰ সৈতে কেইটিমান অতিৰিক্ত পৃষ্ঠা সংযোজিত হৈছে। মূল্য ২৫০ টকা।১

লেখক পৰিচিতি

মৌচুমী কন্দলী এগৰাকী প্ৰথিতযশা কলা সমালোচক, গল্পকাৰ, অনুবাদক তথা অধ্যাপক।২ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৮ চনত দৰ্শন বিষয়ত সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০০১ চনত বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ ইতিহাস আৰু নন্দনতত্ব বিষয়তো পুনৰ স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৯৩ চনত কটন কলেজত পঢ়ি থাকোঁতে অসমীয়া আলোচনী প্ৰান্তিকত কন্দলীৰ জোনাকত ঢেঁকীয়াবোৰ শীৰ্ষক প্ৰথমটো গল্প প্ৰকাশিত হৈছিল। ১৯৯৮ চনত লাম্‌বাদা নাচৰ শেষত নামৰ তেওঁৰ প্ৰথমখন গল্প সংকলন প্ৰকাশ পায়। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।৩ কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে।৪

কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা আৰু ২০২২ চনত পেংগুইন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত দ্য ব্লেক মেজিক ৱ’মেন গল্প গ্ৰন্থৰ বাবে ২০২৩ চনত সৰ্বভাৰতীয় স্তৰত ‘ছাউথ এছিয়া লাড্‌লী মেডিয়া বঁটা’ লাভ কৰিছিল। দ্য ব্লেক মেজিক ৱ’মেন শীৰ্ষক কিতাপখন ভেলী অৱ ৱৰ্ডচ্‌ সাহিত্য সন্মানৰ বাবেও মনোনীত হৈছিল।১ তেওঁ ২০০৫ চনত ভাৰতীয় ভাষা পৰিষদৰ যুৱ পুৰস্কাৰ লাভ কৰিছিল।২

বিষয়বস্তু

কিতাপখনত অসমৰ আধুনিক কলাৰ প্ৰতিষ্ঠিত শিল্পীসকলৰ পৰিচয়মূলক টোকাৰ সৈতে তেওঁলোকৰ শিল্পকৰ্মৰ বিষয়ে একোটি আভাস দিয়া হৈছে। লেখকে আজিৰ অসম কাকতৰ দেওবৰীয়া পুস্তিকাৰ বাবে লেখা লেখাৰে এই কিতাপখন সজোৱা আৰু পৰিবৰ্ধন কৰা হৈছে। মুক্তানাথ বৰদলৈৰপৰা আৰম্ভ কৰি মাধৱ বৈশ্য, পুলক গগৈ, বেণু মিশ্ৰ, শোভা ব্ৰহ্ম, নীলপৱন বৰুৱা, ননী বৰপূজাৰী, সমিৰণ বৰুৱা, আমিনুল হক আদি মুঠ ৩৪ গৰাকী শিল্পীৰ জীৱন আৰু শিল্পকৰ্মক কিতাপখনত সাঙুৰি লোৱা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ মৌচুমী কন্দলী. (জানুৱাৰী, ২০২৫). কলা বীক্ষণ. বান্ধৱ. পৃ. লেখক পৰিচিতি. ISBN 978-93-94594-63-0
  2. ↑ (14 August 2013). ART of being. www.thehindu.com
  3. ↑ The Black Magic Women (Stories from North-east India). www.penguin.co.in/
  4. ↑ মৌচুমী কন্দলী. (২০০৭). তৃতীয়ত্বৰ গল্প. লয়াৰ্ছ বুক ষ্টল. পৃ. লেখক পৰিচিতি. ISBN 81-7331-138-2

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলা বীক্ষণ” প্ৰবন্ধৰ সংশোধন ৪৬৫৫০৭ (২৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।